শণিবাৰে দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শিলচৰৰ শ্ৰীকোণাস্থিত মিনি সচিবালয় নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই সচিবালয়খনৰ নিৰ্মাণৰ কাম পূজাৰ পিছতে আৰম্ভ হ’ব বুলি উল্লেখ কৰে। এই কামৰ বাবে ১১৬ কোটি টকা মঞ্জুৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
মিনি সচিবালয়ৰ প্ৰকল্পটো ৩ বছৰত সম্পূৰ্ণ কৰা হ’ব বুলিও তেখেতে উল্লেখ কৰে। মিনি সচিবালয় সম্পূৰ্ণ হ’লে দিশপুৰৰ পৰিৱৰ্তে বৰাক উপত্যকাতে বহুতো প্ৰশাসনিক কাৰ্যকলাপ যেনে পেন্সন, ডি এল এৰ কাম সম্পন্ন কৰিব পৰা হ’ব। লগতে চৰকাৰী কাম আৰু অনুমোদনৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।
বৰাকত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰথমে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয়ত এখন বিশেষ বৈঠকত মিলিত হয় ৷ বাইপাছ পথ তথা ৰিং ৰ’ডৰ বুজ লোৱাৰ লগতে শিলচৰৰ ৰেডক্ৰছৰ মুখ্য কাৰ্যালয়ো তেখেতে উদ্ধোধন কৰে। মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৭০খন আই চি ইউ বিচনা মুকলি কৰিব।
ইয়াৰ উপৰিও তেখেতে বৰাকৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত চলি থকা দালালৰাজ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বৰাকৰ দালালৰাজ উৎখাত কৰিবলৈ ৰাইজৰ সহায় লাগিব আৰু ৰাইজে সহায় কৰিলে এই কাম শীঘ্ৰে সম্ভৱ হৈ উঠিব।