দ্বিতীয় বাৰৰ বাবে ৰাজ্যৰ শাসন ভাৰ লোৱা বিজেপি চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল ,সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে এতিয়া পদক্ষেপ গ্ৰহণ কৰিছে বিশ্ব শৰ্মা চৰকাৰে।
প্ৰতিশ্ৰুতি অনুসৰি প্ৰথম পদক্ষেপত ৰাজ্যৰ শিক্ষা বিভাগত ৬,২৯৬ টা পদ মুকলি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।ইচ্ছুক সকলে অহা ৩০ ছেপ্টেম্বৰৰ পৰা এই পদৰ বাবে আবেদন কৰিব পাৰিব।
ৰাজ্যৰ শিক্ষা বিভাগৰ ঘোষণা অনুসৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে এই পদ সমূহ মুকলি কৰা হৈছে । এই পদ সমূহৰ ভিতৰত স্নাতক শিক্ষক কলা শাখাত ৩,৩৭০ টা পদ,স্নাতক বিজ্ঞান শাখাত ১,৫০৬ টা পদ,স্নাতক হিন্দী শিক্ষকৰ ১,২১৯ টা পদ আৰু অসমীয়া ভাষা শিক্ষকৰ বাবে ২০১ টা পদ খালী আছে।
আবেদনকাৰী সকলে শিক্ষা বিভাগৰ দ্বাৰা মুকলি কৰা www.madhyamik.gov.in ৱেবচাইটত গৈ আৱেদন পত্ৰ দাখিল কৰিব পাৰিব।আৱেদনৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ অহা ৩১ অক্টোবৰ ধাৰ্য কৰা হৈছে।
অৱশেষত অসম চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে কঢ়িয়াই আনিছে এই সুখবৰটো। নিৰ্বাচনৰ পূৰ্বে শাসনাধীন চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অহা ৩০ ছেপ্টেম্বৰৰ পৰা শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে শিক্ষা বিভাগৰ এই পদ সমূহৰ বাবে আৱেদন কৰিব পাৰিব।