দৈনদ্দিন জীৱনত নিয়মিত ভাৱে কৰি অহা কিছুমান কাম স্বাস্থ্যৰ বাবে বহুত জৰুৰী। তাৰে ভিতৰত পৰ্যাপ্ত টোপনি স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। অসম্পূৰ্ণ টোপনিয়ে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । শৰীৰৰ ভাগৰ পলুৱা , মন আৰু মগজুৰ সুস্থতাৰ বাবেও এক গভীৰ টোপনিৰ অতি প্ৰয়োজন ।
টোপনি নহাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক । দিনত পৰিশ্ৰম কৰা লোকৰ টোপনি নহাটো বেমাৰৰ লক্ষণ । আনহাতে মানসিক পৰিশ্ৰম কৰিলেও টোপনিৰ আৱশ্যক হয়। চিকিৎসা শাস্ত্ৰত টোপনি নহা ৰোগক ‘ইনচমনিয়া’(Insomnia) বুলি কোৱা হয় । এই অৱস্থাত ৰাতি একেবাৰেই টোপনি নাহিব পাৰে। একেৰাহে বহু ৰাতি টোপনি নাহিলে মানুহ হতাশ হয় আৰু কেতিয়াবা নিজৰ মৃত্যু নিজে মাতি অনাৰ দৰে অৱস্থাও হয়।
মধুমেহ, ৰক্তচাপ, হৃদ ৰোগ, ষ্ট্ৰোক আৰু ওজন কমাটো টোপনি নহাৰ মূল কাৰণ হ’ব পাৰে। পাঁচ ঘন্টাতকৈ কম টোপনি হ’লে হাৰ্ট এটেক , ষ্ট্ৰোক আৰু কেন্সাৰৰ আশংকা বৃদ্ধি পায়। এজন প্রাপ্তবয়স্ক লোকে দৈনিক ৭–৮ ঘণ্টা , নৱজাতকে ১৮–২০ ঘণ্টা আৰু কিশোৰ–কিশোৰীসকলে ১০–১১ ঘণ্টা টোপনি মৰাটো অত্যন্ত জৰুৰী ৷
নিশাৰ টোপনিয়ে হূদযন্ত্র ভালে ৰখাত সহায় কৰে । গভীৰ টোপনি কর্কট ৰোগ প্রতিৰোধ কৰাতো যথেষ্ট সহায়ক । নিশা গভীৰ টোপনি অহা লোকসকলৰ অত্যধিক ওজন বৃদ্ধি নহয় কাৰণ টোপনিয়ে শৰীৰৰ মেটাবলিজম প্রক্রিয়া স্বাভাৱিক কৰি ৰাখে । গভীৰ টোপনিয়ে মানসিক চাপ তথা হতাশা দূৰ কৰাটো সহায়ক হয় ।
টোপনি ভাল হ’বলৈ নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰা উচিত ৷ ব্যায়াম কৰিলে ভাগৰ লাগে আৰু ভাগৰ লাগিলে টোপনি ভাল হয় । বেগাই খোজ কঢ়া, জ’গিং কৰা, চাইকেল চলোৱা, সাঁতোৰা, স্কিপিং কৰা আদিবোৰ ভাল টোপনিৰ বাবে দৰকাৰী ব্যায়াম ।
ব্রিথিং এক্সাৰচাইছ কৰিলেও টোপনিৰ সমস্যা দূৰ হয় । মুঠতে ব্যায়াম আৰু যোগাসনৰ দ্বাৰা মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ উপৰিও গভীৰ টোপনি আৰু ইয়াৰ সুফলসমূহ লাভ কৰিব পাৰি ।