অমিতা স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ভিটামিন –‘চি,’এ’,পটাছিয়াম ,কেলচিয়াম আৰু আয়ৰণেৰে ভৰপুৰ অমিতাই পেট,হৃদযন্ত্ৰ,লিভাৰৰ বিভিন্ন ৰোগ দুৰ কৰাত যথেষ্ট সহায় কৰে।অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে।
অমিতাৰ কিছু উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল-
- অমিতাই শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। শৰীৰত প্ৰতিদিনৰ বাবে আৱশ্যক হোৱা ভিটমিন-‘চি’ৰ ১০০ শতাংশ এটা অমিতাত পোৱা যায়।
- পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।তদুপৰি অমিতাত নিহিত হৈ থকা আঁহে আপোনাৰ কোষ্ঠবদ্ধতা দুৰ কৰি ৰাখে।
- অমিতাত থকা এনজাইমে মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ পৰা ৰক্ষা কৰে।
- অমিতা চকুৰ বিভিন্ন ৰোগৰ বাবেও উপকাৰী। ইয়াত থকা ভিটামিন-‘এ’ ৰ উপস্থিতিয়ে চকুকেইটাক ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে।
- অমিতাত ফাইবাৰৰ লগতে ‘পেপেইন’নামৰ এবিধ পদাৰ্থ পোৱা যায়।এইবিধ উপাদানে হজম শক্তি বৃদ্ধি কৰে। পেটৰ বিভিন্ন সমস্যাৰ লগতে কোষ্ঠকাঠিন্যত ভুগি থকা লোকে নিয়মিতভাৱে অমিতা খোৱাটো প্ৰয়োজন।
- অমিতাত আঁহ,ভিটামিন-‘চি’ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰাত পোৱা যায় আৰু এই উপাদানবিলাকে শৰীৰৰ কলেষ্টেৰলৰ পৰা ৰক্ষা কৰে।
- অমিতাত নামমাত্ৰ চুগাৰ থাকে।সেয়ে অমিতা ডায়েবেটিছ ৰোগীৰ হানিকাৰক নহয়।
- অমিতা খালে ক’লন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি। ইয়াৰোপৰি ইয়াত থকা ভিটামিন ‘চি’,বিটা কেৰোটিন আৰু ভিটামিন ‘ই’য়ে শৰীৰত কেন্সাৰ কোষ সৃষ্টি হোৱাত বাধা প্ৰদান কৰে।
- ভাগৰ তথা হতাশা দুৰ কৰা ক্ষেত্ৰতো অমিতা অতি উপকাৰী।