দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি প্ৰয়োগ কৰা বিজেপি চৰকাৰে ড্ৰাগছৰ পিছতেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলাইছে তীব্ৰ অভিযান।বিভিন্ন সময়ত সাধাৰণ ৰাইজে মাটিৰ দালাল চক্ৰৰ কৱলত পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা খবৰ প্ৰায়েই প্ৰকাশ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ডঃবিশ্ব শৰ্মাই এক ভূঁইকঁপৰ সৃষ্টি কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ দালাল উচ্ছেদ অভিযানত নামি পৰিছে।
আৰক্ষীৰ এই অভিযানত যোৱা ২৪ ঘন্টাত ৰাজ্যজুৰি ৫২০ জন মাটিৰ দালাল আটক কৰা কাৰ্যই এতিয়া তোলপাৰ লগাইছে ৰাজ্যৰ ভিতৰচৰা।দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এই অভিযানত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী,প্ৰতিষ্ঠিত ব্যৱসায়ী,শিক্ষক আৰু সাংবাদিকো আৰক্ষীৰ জালত পৰিছে।
উল্লেখযোগ্য যে আৰক্ষীৰ এই অভিযানত গুৱাহাটীৰ হাইপ্ৰফাইল মাটিৰ দালাল ৰামেশ্বৰ তালুকদাৰকো আটক কৰিছে আৰক্ষীয়ে।দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ সহযোগত মাটিৰ দালাল চক্ৰই এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
মাটিৰ নামজাৰি,বেচা-কিনা,ক্ষেত্ৰত এই চক্ৰটোৱে দীৰ্ঘদিনৰে পৰা সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আহিছিল।উৎকোচ নিদিয়াকৈ মাটি সম্পৰ্কীয় কোনো কাম-কাজেই সম্পাদন হোৱা নাছিল।তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে এই দালাল চক্ৰ চিৰদিনলৈ উৎখাত কৰিবলৈ এই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।
ইফালে কিছুদিন পূৰ্বে গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ এক সন্মিলনত মুখ্যমন্ত্ৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা দালালৰাজ বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি এই বিভাগটোত দালালৰাজ অব্যাহত আছিল। অৱশেষত মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপত যোৱানিশা আৰক্ষীয়ে এই দালালৰাজৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে।
এই অভিযানত কামৰূপ মহানগৰ জিলাতেই এতিয়ালৈকে আৰক্ষীয়ে ৩৬ জন দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰভিতৰত মাটিৰ দালালিৰ সৈতে নাম সাঙুৰ খাই থকা গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী,বৃন্দাবন গাৰ্ডেন আৰু এন আৰ এল পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰ ৰামেশ্বৰ তালুকদাৰকো চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ইয়াৰপিছতেই মুখ্যমন্ত্ৰীয়ে আৰক্ষী,ডিটিঅ’,চক্ৰ বিষয়া,উপায়ুক্তৰ কাৰ্যালয় সকলোতে চলি থকা দালালৰাজ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
খবৰ অনুসৰি ইতিমধ্যে ৭০০ মাটিৰ দালালৰ তালিকা প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে।সেই অনুসৰি আগন্তুক দিনত আৰু অধিক দালাল যে আৰক্ষীৰ জালত পৰিব সেইয়া খাটাং হৈ পৰিছে।