বিদ্যালয় সমূহত আশানুৰূপ নামভৰ্তি নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ ৩ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পথত আগবাঢ়িছে।২০২২ চনত কাৰ্যকৰী হোৱাকৈ নতুন শিক্ষা নীতি অনুসৰি শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে।
যিহেতু নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ সময়ত চৰকাৰে বিদ্যালয় সমূহ একত্ৰিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ বিদ্যালয়।
উল্লেখযোগ্য যে বিদ্যালয় সমূহ বন্ধ হোৱাৰ লগে লগে ৰাজ্যত প্ৰায় ১৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰিও হেৰাই যাব।এই খবৰ বিয়পি পৰাৰ লগে লগেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষা মহলত।
ইফালে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা অনুসৰি গঠিত হ’বলগীয়া নতুন শিক্ষা নীতি আয়োগে আগন্তুক অক্টোবৰ মাহত অধিক খৰতকীয়াকৈ কাম-কাজ কৰা আৰম্ভ কৰিছে।
একেদৰে লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে ষষ্ঠ শ্ৰেণীৰ পৰা ভকেশ্যনেল শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰে।
লগতে চ্যুকাফাকে ধৰি অসম গঢ়াত অগ্ৰণী ভূমিকা লোৱা বিশেষ ব্যক্তিৰ সকলো তথ্য নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী গৰাকীয়ে।
তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন হ’বলগীয়া নতুন শিক্ষা নীতিৰ আওতাত শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনে যে শিক্ষক সমাজক এক অস্বত্বিকৰ পৰিবেশত পেলাব সেইয়া স্পষ্ট হৈ পৰিছে।