ভাৰতৰ লগতে অসমতো বাঢ়িছে চালানী মাছৰ চাহিদা। চালানী মাছৰ গোন্ধই অশান্তি দিলেও কিন্তু বেছিভাগ মানুহে এই মাছেই কিনি খায়। কিন্তু এই চালানী মাছবোৰ কিমান যে বিষাক্ত সেই কথা হয়তো বহুতে নাজানে। অজানিতে অথবা লোভ সামৰিব নোৱাৰি এই মাছ ভক্ষণ কৰি আহিছে বহুতো লোকে।
চালানী মাছবোৰ বিক্ৰী কৰিবলৈ পঠোৱাৰ আগত ফৰ্মেলডিহাইদ নামৰ এক পদাৰ্থ সানি দিয়া হয় । ফৰ্মেলডিহাইদ সানিলে মাছ নপচে আৰু নেগেলে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত শৱচ্ছেদন কৰা মৃতদেহ সংৰক্ষণৰ কাৰণে এই ফৰ্মেলডিহাইদ ব্যৱহাৰ কৰা হয় ।
তাৰোপৰি মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা এবিধ ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয় যাতে গ্ৰাহকে লোকেল মাছ বুলি ভাবে।
চালানী মাছৰ পৰা বহুতো অপকাৰ হ’ব পাৰে । ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
- চালানী মাছত ব্যৱহৃত ফৰ্মেলডিহাইদৰ কাৰণে লিভাৰ কোষৰ ক্ষতি হোৱা বাবে নানা ধৰণৰ লিভাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
- একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে।
- চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পিছত তাৎক্ষণিক ভাৱে এলাৰ্জী আৰু চালৰ ৰোগ হ’ব পাৰে।
- চালানী মাছৰ পৰা তেজত ইউৰিক এচিদ বাঢ়ি গাউট নামৰ গাঠিৰ বিষ হয় ।
- শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ হয়।
- মুখগহ্বৰত ঘা উৎপত্তি হয়, ক্ৰমে মুখৰ ঘাঁ বাঢ়িবলৈ ধৰে আৰু চিকিৎসা কৰিলেও দেৰিকৈ ভাল হয়। কেতিয়াবা এই ঘাঁবোৰৰ পৰা মুখৰ ভিতৰত কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।
- পেটৰ ৰোগ যেনে পেটফুলে, বুকু জ্বলা-পোৰা , টেঙাপানী, বদহজম , পাতল শৌচ হয়। ইয়াৰ পৰা ফুড পইজনিং ও হ’ব পাৰে।
- চালানী মাছ একেৰাহে কিছুদিন খালে ক্ৰণিক ডিছেন্ট্ৰীৰ দৰে লক্ষণে দেখা দিয়ে আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়।