শৰীৰৰ লগতে মগজুৰো সমানেই পুষ্টিৰ প্ৰয়োজন হয়। মগজুৰ ক্ষতি কৰা কাৰকবোৰ ধ্বংস কৰিবৰ বাবেও পুষ্টিকৰ আহাৰ অতি জৰুৰী। সঠিক ভাৱে খাদ্য গ্ৰহণ নকৰিলে মগজুৰ ক্ষেত্ৰত প্ৰয়োজনীয় উপাদানসমূহৰ ভাৰসাম্যত ব্যাঘাত জন্মে, যাৰ ফলত বিভিন্ন ধৰণৰ মগজুৰ ৰোগ হয়।
এক সমীক্ষা অনুসৰি অতিৰিক্ত শৰ্কৰা আৰু চৰ্বীযুক্ত খাদ্য খালে মাত্ৰ সাত দিনৰ ভিতৰতেই মগজুৰ হিপ্পকেম্পাছত পৰিৱৰ্তন ঘটিব পাৰে।
মস্তিষ্কৰ সুস্থতাৰ বাবে কিছুমান খাদ্য এৰাই চলা অতি প্ৰয়োজন। এই খাদ্য সমূহ হৈছে-
- এলকহল – অতিৰিক্ত মদ্যপানৰ ফলত মস্তিষ্কৰ নিউৰ’ট্ৰান্সমিটাৰৰ ভাৰসাম্য হেৰাই যায় , যাৰ ফলত মস্তিষ্কই বিপৰীত প্ৰভাৱ পেলায়।
- নিমখ – বজাৰত উপলব্ধ চিপচ, পিজ্জা, চুপ , পেকেটজাতীয় নিমখীয়া খাদ্য আদিবোৰত বহুত বেছি পৰিমাণে ছ’ডিয়াম থাকে। ই প্ৰটিনৰ মাত্ৰাত ব্যাঘাত জন্মাই আৰু ব্যক্তিৰ জ্ঞান শক্তি কমাই দিব পাৰে। কোনো ব্যক্তি বেছিকৈ প্ৰভাৱিত হ’লে ডিমনেছিয়াৰ দৰে সমস্যাও হ’ব পাৰে।
- প্ৰক্ৰিয়াগত মাংস- পৰাপক্ষত এনে মাংস খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ এনে মাংস চল্টিং , স্ম’কিং , ড্ৰায়িং আদি বিভিন্ন ধৰণে প্ৰক্ৰিয়াকৰণ কৰা হয়। এনে মাংস এৰাই চলিলে এলজাইমাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যায়।
- কেক আৰু কুকিজ – কেক , কুকিজ , ক্ৰেকাৰ , কল্ড ড্ৰিংকছ আদিবোৰ যিদৰে শৰীৰৰ কাৰণে অপকাৰী , একেদৰে সেইবোৰ মস্তিষ্কৰ বাবেও হানিকাৰক। এইবোৰ খাদ্যত থকা পৰিশোধিত চেনী সমস্ত শৰীৰৰ বাবেই অপকাৰী। মিঠা জাতীয় খাদ্য খাবলৈ ইচ্ছা হ’লে ফল- মূল খোৱা উচিত।
- বগা পাউৰুটি – এক সমীক্ষা মতে কোনো ব্যক্তিৰ ক্ষেত্ৰত এলজেইমাৰ যি জিনগত প্ৰৱণতা দেখা পোৱা যায় , সেয়া বগা পাউৰুটি অথবা বগা ভাত খোৱাৰ ফলতেই হয়।