বৰ্তমান সময়ত সকলোতকৈ প্ৰয়োজনীয়, দৰকাৰী তথা চৰকাৰী প্ৰায়বোৰ কামতে ব্যৱহৃত হয় আধাৰ কাৰ্ড। এই কাৰ্ড নোহোৱাকে কোনো কামেই যেন সম্ভৱ নহয়। বহুতো সময়ত দেখা যায় যে কোনো লোকে মোবাইলৰ জৰিয়তে আধাৰ কাৰ্ড ডাউনল’ড কৰিব বিচাৰিলে কেতিয়াবা সমস্যাৰ সন্মুখিন হয়। বহুতো লোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ নোহোৱাৰ বাবেই এনে সমস্যা হোৱা দেখা যায়।
মোবাইল নম্বৰ নোহোৱাকৈও আধাৰ কাৰ্ড ডাউনল’ড কৰিব পৰা যায়। এই প্ৰক্ৰিয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-
- প্ৰথমতে “UIDAI” ৰ ৱেবচাইটলৈ যাব লাগিব।
- ৱেবচাইটৰ সোঁফালে ওপৰত থকা “‘My Aadhar” অপচন চিলেক্ট কৰিব লাগিব।
- চিলেক্ট কৰাৰ পাছত “Order Aadhaar Reprint” বুলি অহা অপচনত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাছত ১২ টা সংখ্যাৰ আধাৰ নম্বৰ লিখিব লাগিব।
- এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছত , সুৰক্ষাৰ বাবে প্ৰয়োজনীয় অপচন চিলেক্ট কৰিব লাগিব।
- ইয়াৰ পাছত “My mobile number is not registered” অপচনত ক্লিক কৰিব লাগিব মোবাইল ফোন নোহোৱাকে আধাৰ কাৰ্ড ডাউনল’ড কৰিবৰ বাবে।
- ইয়াৰ পাছত এটা ৰেজিষ্টাৰ নোহোৱা মোবাইল নম্বৰ তাত দিব লাগিব আৰু “Send OTP” অপচনত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাছত “Terms and Conditions” অপচনত ক্লিক কৰাৰ পাছত “Submit” অপচনত ক্লিক কৰিব লাগিব।
উল্লেখ্য যে “OTP” দিয়াৰ পাছত এটা নতুন পেজ খুল খাব। তাত “Aadhaar reprint” ৰ ওপৰত লিখা “Preview Aadhaar Letter” চিনাক্ত কৰি তাত সমগ্ৰ তথ্য পুনৰ বাৰ নিৰীক্ষণ কৰিব লাগিব। ইয়াৰ পাছত “Payment option” চিলেক্ট কৰিব লাগিব। অৱশেষত নিজৰ ডিজিটেল হস্তাক্ষৰ দিব লাগিব “PDF” ডাউনল’ড কৰিবৰ বাবে।