গৰুখুঁটিৰ বে-দখল কাণ্ডক লৈ উত্তাল প্ৰতিবাদত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি।আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সভাপতিজনক দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰিলে প্ৰশাসনৰ এজন বিষয়াই। সেই লৈ অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উপায়ুক্তৰ চৌহদ।
কংগ্ৰেছৰ সভাপতি জনক হতাহতি কৰাৰো অভিযোগ উত্থাপন হৈছে বিষয়া জনৰ বিৰুদ্ধে।সভাপতি জনৰ লগতে সাংসদ আব্দুল খালেক,দেৱব্ৰত শইকীয়া,ৰাণা গোস্বামী,ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ একাংশ বিষয়-ববীয়াকো প্ৰৱেশত বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে।
ইফালে গৰুখুঁটি ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি কংগ্ৰেছে এই উচ্ছেদ অভিযান বন্ধ কৰা আৰু নিহত-আহত পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ লগতে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবী তোলে। ইয়াৰলগতে এই ঘটনাৰ সৈতে জড়িত মঙলদৈৰ জিলা উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নিলম্বনৰ দাবী উত্থাপন কৰে অন্যতম বিৰোধী দল কংগ্ৰেছে।