নিমাতী ঘাটৰ শোকাবহ ফেৰী দুৰ্ঘটনাটোৰ পিছত মা কমলা নামৰ জাহাজখনৰ স্বত্বাধিকাৰী পানীৰাম কলিতাকে ধৰি ছজন ব্যক্তিক আটক কৰা হৈছিল। তেওঁলোকৰ লগতে অন্তৰ্দেশীয় জল পৰিবহন বিভাগৰ সাতজন কৰ্মচাৰীকো আটক কৰিছিল আৰক্ষীয়ে।
আশ্চৰ্যজনকভাৱে ৰাইজক হতবাক কৰি বৃহস্পতিবাৰে যোৰহাট জিলা আদালতে অভিযুক্ত আটাইকেইজন ব্যক্তিকে জামিন প্ৰদান কৰে। অভিযুক্তসকলক জামিন প্ৰদানৰ ঘটনাত স্বাভাৱিকতেই ক্ষোভিত হৈ পৰিছে নাও দুৰ্ঘটনাটোত মৃত্যুমুখত পৰা দুৰ্ভগীয়া পৰিমিতা দাসৰ মাতৃ।
সিহঁতে মোৰ ছোৱালীজনীক হত্যা কৰিলে। তাৰ পাছতো সিহঁতে কেনেকৈ জামিন পালে? আপোনালোকে কোৱা ন্যায় এয়াই নেকি? নিহতৰ প্ৰতি এনেকৈয়ে চৰকাৰে ন্যায় প্ৰদান কৰিলে নেকি, দুখত ভাগি পৰা মাতৃ গৰাকীয়ে ন্যায় ব্যৱস্থা সন্দৰ্ভত এনেদৰেই প্ৰশ্ন তোলে।
অভিযুক্তসকলৰ ভুলৰ বাবেই পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে বিপৰীত দিশৰ পৰা আন এখন ফেৰী আহি থকা বুলি জনাৰ পিছতো এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। ফেৰীখনৰ তত্বাৱধানত থকা কৰ্মচাৰীসকলে এই ভুল নকৰা হ’লে পৰিমিতাৰ মৃত্যু ন’হলহেঁতেন।
উল্লেখ্য যে, নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ ফলত পৰিমিতা দাসৰ লগতে বিক্ৰমজিত বৰুৱা আৰু ইন্দেশ্বৰ বৰুৱাৰ মৃত্যু হৈছিল।