বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। কিছু পৰিমাণে স্বাভাৱিক হৈ পৰা ক’ভিড পৰিস্থিতিৰ পিছত ৰাজ্যখনৰ অৰ্থনীতিত কিছু পৰিৱৰ্তনৰ আশাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে।এই ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে উল্লেখ কৰে।
প্ৰথম পৰ্যায়ত কঁহৰা আৰু বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হ’ব, পিছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো মুকলি কৰি দিয়া হ’ব। হাতী ছাফাৰী মুকলি কৰা হ’ব নৱেম্বৰত। বৰ্তমান কাজিৰঙাত পৰ্যটকৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব।
আনহাতে প্ৰতিবছৰৰ দৰে এইবাৰো নৱেম্বৰ মাহৰ পৰাই হাতী ছাফাৰী পৰ্যটকৰ বাবে মুকলি হ’ব বুলি উল্লেখ কৰে উদ্যান কৰ্তৃপক্ষই। ২০২০-২১ পৰ্যটন বৰ্ষত ক’ভিডৰ বাবে বিদেশী পৰ্যটক কাজিৰঙালৈ নাহিলেও ঘৰুৱা পৰ্যটকৰ আগমনে অভিলেখ সৃষ্টি কৰিছিল।
২ লাখতকৈ অধিক পৰ্যটকে বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভ্ৰমণৰ বাবে আহিছিল। আগন্তুক ২০২১-২২ পৰ্যটন বৰ্ষতো পৰ্যটকৰ পৰা ব্যাপক সহাঁৰি লাভ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।