শুকুৰবাৰে সন্ধিয়া ঘোষণা কৰা ইউ পি এছ চিৰ প্ৰধান পৰীক্ষাৰ ফলাফলত অসমৰ হাইলাকান্দিৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে ২৮৩ সংখ্যক স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙৰ কন্যা ঐশ্বর্য সিঙে ৯৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কন্যাৰ এই সফলতাৰ কথা পিতৃ জি পি সিঙে টুইটাৰযোগে ৰাইজক জনালে।
আহমেদ হাছানুজ্জামান চৌধুৰী এ ই জি চি এলৰ অৱসৰপ্ৰাপ্ত চি জি এম জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। উল্লেখ্য যে হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
এইবাৰ ঘোষণা কৰা ফলাফল অনুসৰি ৭৬১গৰাকী পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ ইয়াৰ ভিতৰত ৫৪৫ পুৰুষ আৰু ২১৬ মহিলা। আনহাতে দেশৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে শুভম কুমাৰে৷