২০১৯ চনত অনুষ্ঠিত হোৱা এ পি ডি চি এলৰ পৰীক্ষাৰ নিযুক্তিত বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
তথ্য অনুসৰি বিভাগটোৰ ১৬০০ পদত নিযুক্তিৰ ক্ষেত্ৰত অনিয়মে দেখা দিছে। এই সূত্ৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে ইতিমধ্যে ১০ জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
২০০৬ চনৰ পৰা এ পি ডি চি এলত কৰ্মৰত বিশেষ কৰ্তব্যৰক্ষী বিষয়া দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বাতৰিত প্ৰকাশ। অভিযোগ অনুসৰি তেখেতে ‘নেইকম ইম্প্ৰেছনছ’ নামৰ প্ৰতিষ্ঠানটোক নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিয়াত মুখ্য ভূমিকা লৈছিল।
ইয়াৰ উপৰিও মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিক আটক কৰিছে।
এই অভিযানত ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমকো আটক কৰা হৈছে।
গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা এইসকল লোকক আটক কৰা হৈছে।