দীৰ্ঘসময় ধৰি বিভিন্নজনক প্ৰৱঞ্চনা কৰি থকাৰ অভিযোগত গুৱাহাটীৰ কাহিলীপাৰাৰ কৃষ্ণ ইলাইট এপাৰ্টমেণ্টত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলায়। নিশা ২ বজাৰ পৰা নগাঁও আৰক্ষী আৰু ভগদত্তপুৰ আৰক্ষীৰ যুটীয়া অভিযান চলে।
আৰক্ষী উপস্থিত হোৱাৰ পিছতেই চতুৰ যুৱকজনে পলায়ন কৰে আৰু এই বাতৰি লিখা পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে আৰক্ষীয়ে অভিযানৰ সময়ছোৱাত যুৱকজনৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।
উল্লেখ্য যে মৃদুপৱনৰ প্ৰতিখন বাহনতে ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি তেওঁ নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে। তেখেতৰ বাসগৃহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পেড উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে।
মৃদুপৱনে নেহা কাৰ বজাৰ নামৰ এটা প্ৰতিষ্ঠানক ৩০ লাখ টকাৰ প্ৰবঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। যুৱকজনৰ বিৰুদ্ধে নেহা কাৰ বজাৰেই নগাঁৱত প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰিছিল।
দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰা মৃদুপৱনে তেওঁলোকৰ সৈতে তোলা ফটো ছচিয়েল মিডিযাত শ্বেয়াৰ কৰি প্ৰৱঞ্চনাৰ খেলা খেলে। যুৱকজনৰ বিৰুদ্ধে বিভিন্ন দুস্কাৰ্য আৰু জালিয়াতিৰ অভিযোগ আছে।
নেওগঁৰ বাসগৃহৰ পৰা .৩২এম এম পিষ্টল আৰু ২০জাই সজীৱ গুলীও উদ্ধাৰ হৈছে। লগতে যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ উদ্ধাৰ হৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে।