অসম পশু সুৰক্ষা আইন ,১৯৫০ বাতিলৰ প্ৰস্তাৱেৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধান সভাৰ মজিয়াত উত্থাপন কৰে নতুন গো- সুৰক্ষা বিধেয়েক ২০২১ । এই বিধেয়কৰ যোগেদি চৰকাৰৰ দায়িত্ববাহী বিষয়াৰ অনুমতি অবিহনে গো-ধন পৰিবহনৰ ক্ষেত্ৰতো আহি পৰিব বাধ্যবাধকতা । অসম বিধান সভাৰ প্ৰথম দিনটোতেই উথাপন হোৱা বিধেয়কখনত কেইবাটাও গুৰুত্বপূৰ্ণ দফা সন্নিবিষ্ট আছে।
এই বিধেয়কখন আইনত পৰিণত হলে হিন্দু , জৈন ,শিখ বা গো-মাংস ভক্ষণ নকৰা ঠাইত আন সম্প্ৰদায় লোকৰ বসতি অঞ্চলত গো-মাংস কাটি বিক্ৰী বা গো হত্যা কৰিব নোৱাৰিব। সেইদৰে কোনো ধৰ্মীয় অনুষ্ঠান যেনেকৈ মন্দিৰ, সত্ৰ আদিৰ পৰা ৫ কিল’মিটাৰ ব্যাসাৰ্ধত গো- মাংস বিক্ৰীৰ নিষেধাজ্ঞা জাৰি কৰা হ’ব।
অৰ্থাৎ চৰকাৰীভাৱে দায়িত্ব অৰ্পন কৰা কোনো পশুপালন বিষয়াই অনুমতি প্ৰদান কৰিলেহে যিকোনো ঠাইত গো-মাংস বিক্ৰী কৰিব পাৰিব। গো –মাংস কটা বা বিক্ৰী কৰা এই সম্পূৰ্ণ বিষয়টো পশুপালন বা পশু চিকিৎসা বিষয়াৰ অনুমতি সাপেক্ষে কাৰ্যকৰী হ’ব।
ইয়াৰলগতে বিধেয়ক খনত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে, গো হত্যা কৰি মাংস বিক্ৰী কৰা নিৰ্দিষ্ট গৃ্হ থাকিব লাগিব। সেই নিৰ্দিষ্ট গৃ্হৰ বাহিৰত গো মাংস বিক্ৰী কৰিব নোৱাৰিব । ইয়াৰলগতে ৰাজ্যৰ ভিতৰে-বাহিৰে গো- ধন সৰবৰাহৰ ক্ষেত্ৰতো অনুমতি থাকিব লাগিব।
যদিও কৃষি কৰ্মৰ ক্ষেত্ৰত গো-ধন সৰবৰাহ কৰিলে অনুমতিৰ প্ৰয়োজন নাথাকে। একেদৰে জিলাৰ ভিতৰত পঞ্জীকৃত জীৱ-জন্তু বিক্ৰীৰ বাবে নিলে পৰিবহনৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নাথাকিব। যদিও পঞ্জীকৃত বজাৰত গো-ধন বিক্ৰীৰ তথ্য বজাৰ কমিটীয়ে ৰাখিব লাগিব। আৰু যদিহে এই তথ্য সমূহ কমিটীয়ে ৰাখিব নোৱাৰে তেন্তে তেনে বজাৰৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ‘ব ।
লগতে অবৈধভাৱে সৰবৰাহ কৰিবলৈ অনা সকলো গো- ধন জব্দ কৰি সেই ধনৰ মূল্য নিৰ্ধাৰণ কৰি গো- শালত গতাই দিয়া হ’ব । উল্লেখ্যে যে, এই সকলো নিয়ম উলংঘন কৰিলে উলংঘনকাৰীয়ে নুন্যতম ৩ বছৰৰ পৰা ৮ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব।
অন্যথা ৩ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত জৰিমণা ও কাৰাবাস দুয়োটা নিয়মেই প্ৰয়োগ কৰা হ’ব। যদিও বিধেয়কখন উত্থাপন কৰা দিন ধৰি সৰ্বত্ৰে চৰ্চা হৈছে যে,অনা হিন্দু লোক সকলে এই সমগ্ৰ বিধেয়ক খন এতিয়া কি ধৰণে গ্ৰহণ কৰে !