গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন পিতৃয়ে নিজ পুত্ৰক ডিঙি চেপি হত্যা কৰাৰ লগতে পত্নীকো ডিঙিত উপৰ্যুপৰি দাৰে আঘাত কৰে। এই ঘটনাই এতিয়া সমগ্ৰ মহানগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে গুৱাহাটী সাতগাঁও থানাৰ সমীপত ১৯ নং বাসগৃ্হত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। সন্দেহ কৰা মতে আৰ্থিক দৈন্যৰ বাবে এই কৰুণ ঘটনা সংঘটিত হৈছে।
এখন হোমিঅ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ভবেশ শৰ্মা নামৰ এই লোকজনে নিজৰ পুত্ৰ পৰাগ শৰ্মাক ডিঙি চেপি হত্যা কৰাৰ লগতে পত্নী হিমাদ্ৰী শৰ্মাকো এখন দাৰে ডিঙিত উপৰ্যুপৰি আঘাত কৰে।ইয়াৰপিছতেই নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে স্বত্বাধিকাৰীজনে।
ইফালে অতি সংকটজনক অৱস্থাত পত্নী হিমাদ্ৰী শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।তদন্তত আৰক্ষীয়ে এখন ছুৰী উদ্ধাৰ কৰিছে।উদ্ধাৰ হোৱা ছুৰীখনেৰে অভিযুক্ত ভবেশ শৰ্মাই পত্নীক হত্যা কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ কৰা হৈছে।