প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ’ কনফাৰেন্স যোগে মুকলি কৰিব লৈছে আয়ুসমান ভাৰত ডিজিটেল মিছন ( Ayushman Bharat Digital Mission) । উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত ( PMO) আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে এই অনুষ্ঠান। প্ৰাপ্ত তথ্য মতে উক্ত আনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যও উপস্থিত থাকিব।
উল্লেখ্য যে ২০২০ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছনৰ পাইলট পৰিযোজনাৰ কথা ঘোষনা কৰিছিল। আনহাতে যোৱা ২৬ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে জনাইছিল যে এই মিছনে স্বাস্থ্যক্ষেত্ৰত প্ৰায়োগিকী তথ্য প্ৰযুক্তিৰ উচিত ব্যৱহাৰৰ লগতে এই ক্ষেত্ৰত নতুন নতুন আৱিষ্কাৰৰ বাবে দুৱাৰ মুকলি কৰিব।
প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বৰ্তমান সময়ত এই আয়ুসমান ভাৰত ডিজিটেল মিছন ছয় খন কেন্দ্ৰীয় শাসিত অঞ্চলত পাইলটৰ ক্ষেত্ৰত আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে জন-ধন , আধাৰ আৰু মোবাইল (JAM) তথা চৰকাৰৰ অন্য ডিজিটেল পৰিযোজনাসমূহৰ আধাৰত আয়ুসমান ভাৰত ডিজিটেল মিছনে স্বাস্থ্য সম্বন্ধীয় কোনো লোকৰ ব্যক্তিগত তথ্য , সুৰক্ষা , তথা ইয়াৰ গোপনীয়তা ৰক্ষা কৰিবৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে এক উল্লেখনীয় অনলাইন মঞ্চ গঠন কৰাৰ প্ৰয়াস কৰিছে।
এই মিছনে নাগৰিকৰ সন্মতিসহ তেঁওলোকৰ দেশান্তৰীয় স্বাস্থ্যৰ তথ্য গ্ৰহণ কৰি আদান- প্ৰদানৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব।