যোৱা ১ ছেপ্তেম্বৰৰ পৰা দেশজুৰি পালন কৰা হয় পোষণ মাহ। উল্লেখ্য যে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় আৰু দীনদয়াল উপাধ্যায় অন্ত্যোদ্বয় আঁচনিৰ যুটীয়া সহযোগত পালন কৰা হয় এই পোষণ মাহ। প্ৰাপ্ত তথ্য মতে “আজাদী কা অমৃত মহোৎসৱ” ৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষত পোষণ মাহক চাৰিটা ভাগত ভাগ কৰাৰ নিৰ্ণয় লোৱা হয়।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৰিপুষ্টিৰ সৈতে জড়িত সামগ্ৰিক দিশসমূহ সন্মুখলৈ অনা। আনহাতে পোষণ অভিযানৰ লক্ষ্য হৈছে কিশোৰী, গৰ্ভৱতী মহিলা আৰু শিশুৰ সৰ্বাংগীন পৰিপুষ্টিৰ দিশসমূহ সামৰি লোৱাৰ লগতে পুষ্টিহীনতা, কম ওজনৰ শিশুৰ জন্মৰ হাৰ বছৰি ২% লৈ হ্ৰাস কৰা। লগতে কিশোৰী, গৰ্ভৱতী মহিলা, ছবছৰৰ তলৰ শিশুৰ ৰক্তহীনতা বছৰি ৩% লৈ হ্ৰাস কৰা।
উল্লেখযোগ্য যে পোষণ মাহৰ প্ৰথম ভাগৰ প্ৰথম সপ্তাহত গছ পূলি ৰোপণ কৰা হয় পোষণ ৱাটিকা কাৰ্য্যসূচীৰ অধীনত। ইয়াৰ উপৰিও আত্ম সহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা ঔষধি উদ্ভিদ, পৰিপুষ্টি জনিত উদ্ভিদ ৰোপন কৰাৰ লগতে চজিনা ৰোপনতো বিশেষভাৱে মনোনিবেশ কৰা হয়।
পোষণ মাহৰ দ্দ্বিতীয় সপ্তাহটোত অৰ্থাৎ দ্বিতীয় ভাগত পৰিপুষ্টিৰ বাবে যোগ আৰু আয়ুষ ( AYUSH) ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিবৰ বাবে যোগাসনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়।
উল্লেখ্য যে পোষণ মাহৰ তৃতীয় সপ্তাহত জিলাসমূহৰ অংগনবাদী কৰ্মীসকলক পৰিপুষ্টিৰ সা সঁজুলি প্ৰদানৰ লগতে মত বিনিময় কৰা হয়।
আনহাতে বৰ্তমান পোষণ মাহৰ শেষৰ ভাগ অৰ্থাৎ পৰিপুষ্টিৰ শেষৰটো সপ্তাহ এতিয়াও চলিত অৱস্থাত আছে। এই সপ্তাহৰ প্ৰধান উদ্দেশ্য হৈছে পৰিপুষ্টিহীনতাত ভোগা শিশুসকলক চিনাক্ত কৰি পুষ্টিকৰ আহাৰ বিতৰণ কৰা।
উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনতেই ৰাষ্টীয় মহিলা দিৱসৰ দিনা পোষণ অভিযান কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। শেহতীয়া তথ্য অনুসৰি পাঁচ বছৰৰ তলৰ ৫০% ভাৰতীয় শিশু আজিও পৰিপুষ্টিহীনতাত ভুগি আছে। আনহাতে ২০১৯ চনৰ এক তথ্য অনুসৰি ৬৮% পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ এক মুখ্য কাৰণ পৰিপুষ্টিৰ অভাৱ। প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ বিত্তীয় বাজেটত পোষণ অভিযান ২ আৰম্ভ কৰা কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।