নীতা চক্ৰৱৰ্ত্তী
“শেৱালী পাহিয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি খিড়িকী মুখতে—–“
আকৌ শৰৎ আহিছে। শেৱালী ফুলিছে। নিয়ৰ সৰিছে। আকাশলৈ বগা মেঘ আহিছে। শক্তিক এগৰাকী গোসাঁনীৰ ৰূপত আৰাধনা কৰাৰ সময় আহিছে।
“আহিন মহীয়া শেৱালী সৰিলে
নিয়ৰত তিতিলে বন
জোনাকত ওপঙিল কিহবাৰ ৰাগি
কেনেবা কৰিলে মন।”
শৰৎ মানেই উৎসৱ , শৰৎ মানেই আহিন , শৰৎ মানেই শেৱালী , শৰৎ মানেই কঁহুৱা -বিৰিণাৰ নাচোন , শৰৎ মানেই উদাৰ , সৃষ্টিৰ মাদকতাৰে পৰিপূৰ্ণ সকলোৰে মন। সেউজ বুলীয়া পথাৰে কঢ়িয়াই আনে আশাৰ বতৰা , বোৱাই আনে সুখৰ নিজৰা। সেয়ে শৰৎৰ স্নিগ্ধ জোনাক উপভোগ কৰি আমাৰ বৈষ্ণৱ কবিয়ে গায়——-
“পুস্পিত মন্দাৰ কুণ্ড গোন্ধে হুয়া ভোল
মধুমত্ত অনেক ভ্ৰুমৰে কৰে ৰোল
শৰৎ চন্দ্ৰৰ কান্তি অতি সুকোমল
দেখি মহা সন্তোষিত গোপী সকল।” ( শ্ৰী কৃষ্ণৰ ৰাসক্ৰীয়া , কীৰ্তন ঘোষা )
কবি গৰাকীৰ মতে – ” শৰৎ কালৰ ৰাতি অতি বিতোপন “। সচাঁকৈয়ে শৰৎ কালৰ ফৰিং ফুটা জোনাক অন্য ঋতুত বিৰল।
আহিন মানেই যেন এক সজীৱ ছবি। কোমল কোমল মেঘৰ লুকাভাকু , নীলিম আকাশৰ বুকুত জাক জাক বগলীৰ জীয়া ছবি , নিয়ঁৰ সিক্ত সেমেকা চোতালত শেৱালীময় সুবাসে আনে আহিনৰ বতৰা। আহিন যেন সৰা শেৱালীৰ দলিচাহে। আহিনৰো আছে এক গোন্ধ–
“আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজে চোন।”
কবি নিৰ্মলপ্ৰভা বৰদলৈৰ আহিনো কৃষকৰ লগত , খেতিৰ লগত সংযুক্ত। আহিনৰ সেউজ পথাৰ খনে তেওঁক মনত পেলাই দিয়ে দেউতাকলৈ। সেউজ পথাৰ খনৰ লগত কৃষক দেউতাকৰ তেজ , ঘাম আৰু শ্ৰম নিহিত হৈ আছে।
“আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকৈ নাকত
আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক
দোকানৰ জাপ ভঙা
গামোছাৰ সুবাসত
মই হেৰা পাওঁ মোৰ আইক।” (ড’ নিৰ্মল প্ৰভা বৰদলৈ)
ড’ ভূপেন হাজৰিকাৰ সপোনৰ চহৰ শ্বিলংৰ গধূলি সোণালী সোৱঁৰণী কঢ়িয়াই অনাৰ লগতে তেওঁ কৈছে—–
“শৰতৰ শেৱালীৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে।”
শৰৎ কালৰ নিৰ্মল ,অনাবিল ৰূপটো ইমান সুন্দৰ ভাবে আঁকিছে ভূপেন হাজৰিকাই——
“শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন ।”
শুকুলা শেৱালিৰ কোমল পৰশত শব্দৰ ঝংকাৰ তোলে দেৱকান্ত বৰুৱাৰ কবিতাই —–
“মনে মনে আহিবা লাহৰী
যি দৰে সন্ধ্যাৰ ছাঁই
মনে মনে পৃথিবী আবৰে।”
কবিয়ে আকৌ কৈছে——
“বনৰ শেৱালী বুটলি আনি
মনৰ ফুলৰ মাধুৰী সানি
উদ্দেশি কবি ! বিফল স্মৃতিক
সেই নিদয়াৰ
গাঁথিছা হাৰ ? ”
শৰতৰ সৌন্দৰ্যই আমাক যি দৰে আনন্দ দিয়ে , ঠিক সেইদৰে আমাক বিষাদৰ মাজলৈ ঠেলি নিয়ে। শৰৎক যেতিয়া আমাৰ জীৱনৰ সৈতে তুলনা কৰা হয় , তেতিয়াই বিষাদ তীব্ৰতৰ হয়। শৰতৰ আছে অসম্পূৰ্ণতা , বিষাদ । শৰতৰ আহিন মাহৰ দূৰ্গাপূজাৰ আনন্দত মতলীয়া হৈ থাকোতেই দেৱী বিসৰ্জন দি কান্দি কান্দি সকলো ভাগৰি পৰে দুখতে। আচলতে শৰততে শেৱালিৰ পাহিয়ে সূৰ্য দৰ্শণ কৰিবলৈ নোপোৱা এক ট্ৰেজেডী ।সেয়েহে শেৱালি গছক “Tree of tears ” বুলি কোৱা হয়।
শৰৎ মানেই উৎসৱ। বিশ্বকৰ্মা পূজাৰে আৰম্ভ হোৱা শৰতৰ উৎসৱ বোৰৰ সামৰণি পৰে দেৱালী অৰ্থাৎ পোহৰৰ উৎসৱেৰে। এই উৎসৱ সমূহৰ ভিতৰত দুৰ্গা পূজা , কালি পূজা , দেৱালী , শংকৰ দেৱৰ জন্মোৎসৱ , ঈদ , ৰাস প্ৰধান উৎসৱ।
শৰতৰ বিতোপন সময়তে শান্তিৰ বতৰা লৈ আমাৰ মাজলৈ আহিব দুৰ্গা পূজা। মা ৰ চৰণত ভক্তই কল্যাণ কামনা কৰি আশীষ বিচাৰিব। আকাশে বতাহে –ধূপ- ধূনাৰ সুবাসে , সুবাসিত হৈ পৰিব। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈ পৰিব পূজাৰ স্থলী। বতাহত নিনাদিত হব দেবীৰ বন্দনা—
“সৰ্ব মংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে
শৰণ্যে ত্ৰম্বকে গৌৰি নাৰায়ণী নমঃস্তুতে।”