বিশ্বৰ এক আগশাৰীৰ তথ্য-প্ৰযুক্তি কোম্পানী হৈছে গুগল । বৰ্তমান ইন্টাৰনেটৰ লগত জড়িত পৃথিৱীখন যেন গুগলৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল । মানুহে জানিব বিচৰা সকলো তথ্য এই গুগলত উপলব্ধ । গুগলত গৈ বিচাৰি চালেই পোৱা যায় সকলো ধৰণৰ তথ্য ।
কিন্তু বিপদত পৰিছে বিশ্বৰ এই আগশাৰীৰ প্ৰযুক্তি কোম্পানীটো । ‘আমাৰ অসম” কাকতত পোৱা এক প্ৰতিবেদন অনুসৰি ফ্ৰাঞ্চ চৰকাৰে বৃহৎ পৰিমাণৰ জৰিমনা বিহে এই প্ৰযুক্তি কোম্পানীটোক ।
ফ্ৰাঞ্চৰ কপীৰাইট আইন উলংঘা কৰা বাবে গুগলক ৪৪০০ কোটি টকাৰ জৰিমনা বিহা হয় । বিশ্বৰ আগশাৰীৰ এই কোম্পানীটো বৰ্তমান যথেষ্ট বিপদত পৰিছে কাৰণ গুগলে ফ্ৰাঞ্চৰ লগতে বিভিন্ন দেশৰ আদালততো গোচৰৰ সন্মুখীন হৈছে ।
উল্লেখযোগ্য যে ফ্ৰাঞ্চৰ কপীৰাইট আইন মানিবলৈ গুগলক বাৰে বাৰে নিৰ্দেশ দিয়াৰ পাচতো কোম্পানীটোৱে সেই নিৰ্দেশ মানি চলা নাছিল । বিশেষকৈ ফ্ৰাঞ্চৰ সংবাদমাধ্যম আৰু বাতৰি কাকতৰ প্ৰকাশক সকল এই কাৰ্যত অসন্তুষ্ট হৈছিল ।
ফ্ৰাঞ্চৰ সংবাদমাধ্যম আৰু বাতৰি কাকতৰ বিভিন্ন বাতৰি কাকতৰ বাতৰি সমূহ প্ৰকাশ কৰাৰ বাবে গুগলে তাৰ বাবদ এই সংবাদ প্ৰতিষ্ঠানবোৰক ধন দিব লাগে । কিন্তু গুগলে সেই নিয়ম মানিবলৈ অমান্তি হৈছিল ।
কাকতখনত উল্লেখ কৰা মতে এই কাৰণতেই গুগলৰ বিৰুদ্ধে অভিযোগ উঠি বিষয়টো আইনী মেৰপেচত সোমাই পৰে । ফ্ৰাঞ্চৰ ” এন্টিট্ৰাষ্ট ৱাচডগ”ৰ দ্বাৰা গুগলক দোষী সাব্যস্ত কৰা হয়।
এই গোচৰত গুগলক ৫০০ নিযোত য়ুৰো অথাৎ ভাৰতীয় টকাৰ হিচাপত ৪৪০০ কোটি টকাৰ জৰিমনা বিহাৰ লগতে সংবাদ প্ৰতিষ্ঠানত ৯০ হাজাৰ য়ুৰো অতিৰিক্তভাৱে দিবলৈ নিৰ্দেশ দিয়ে ।