অৱশেষত ৭০ টা সংগঠনে সংগ ত্যাগ কৰিলে ৰাইজৰ দলক।একাষৰীয়া হ’ল ৰাইজৰ দলৰ নেতা অখিল গগৈ।
লগে লগে ৭০ টা সংগঠনৰ উমৈহতীয়া মঞ্চখনো আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰা হয়।এই কথাই এতিয়া স্পষ্ট কৰিলে প্ৰকৃততে ৰাইজৰ দলৰ ভিতৰচৰাত কি চলিছে।
সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক সংবাদমেলত দলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৭০ সংগঠনৰ নেতৃবৰ্গই।আনকি দলৰ ভিতৰচৰাত কোনো গণতন্ত্ৰ নাই বুলিও উল্লেখ কৰে ৭০ সংগঠনৰ নেতৃবৰ্গৰ হৈ অনুপ শইকীয়াই।
সংগঠনটোৰ সম্পাদক অনুপ শইকীয়াই দলটোৰ ওপৰত অভিযোগ আনি কয় যে এটা ব্যক্তিগত কোম্পানীত পৰিণত হ’ল ৰাইজৰ দল।য’ত চি এম ডি হৈছে অখিল গগৈ।এইক্ষেত্ৰত দলটোক অখিল গগৈ প্ৰাইভেট লিমিটেড’ কোম্পানী নামাকৰণ কৰাৰো পোষকতা কৰে সম্পাদকজনে।
যিহেতু গগৈয়ে এতিয়া এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিছে।যিটো অসমৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলিও মত ব্যক্ত কৰে সম্পাদকজনে।বিজেপি আৰু এআইইউডিএফ তকৈও ৰাইজৰ দল অধিক সাম্প্ৰদায়িক বুলি মত প্ৰকাশ কৰি তেওঁ স্পষ্টভাৱে কয় যে অসমত অসমীয়াৰ দাদাগিৰি নচলিব বুলি খিলঞ্জীয়া লোকক হুংকাৰ দিয়া আমছুৰ নেতা এতিয়া এই দলটোৰ নেতা বুলি উল্লেখ কৰে।
একেদৰে এটা সময়ত অখিল গগৈয়ে কংগ্ৰেছৰ বিৰোধিতা কৰিছিল যদিও এই সময়ত কংগ্ৰেছৰ নেগুৰত ধৰি ঘূৰি ফুৰিছে বুলিও তাচ্ছিল্য কৰে সংগঠনৰ নেতৃবৃন্দই।
তেনেক্ষেত্ৰত বিগত সময়ত ৭০ সংগঠন একত্ৰিত হৈ যি দল গঠন কৰিছিল সেই সংগঠন সমূহ এতিয়া ওলাই অহাত ৰাইজৰ দলৰ অস্তিত্ব যেন নোহোৱা হোৱাৰ পথত।
অভিযোগ অনুসৰি কোনো সিদ্ধান্ত লোৱাৰ সময়ত অখিল গগৈয়ে ৭০ সংগঠনৰ সৈতে কোনো আলোচনা নকৰা আৰু জাতীয় স্বাৰ্থক জলাঞ্জলি দি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে বিধায়ক জনে কৰা কাৰ্যত ক্ষুন্ন হৈ আজি এনেকৈ দলটোক ত্যাগ কৰা কাৰ্য ৰাইজৰ দলৰ বাবে এক মোক্ষম আঘাত বুলি ক’ব পাৰি।
ইফালে সচেতন মহলত বহু পূৰ্বে অখিল গগৈৰ একনায়কত্ববাদ শাসন চলাৰ চৰ্চা চলি আহিছিল।তেনেক্ষেত্ৰত অখিল গগৈয়ে নিজৰ ভুলবোৰ পুনৰ জুকিয়াই চোৱাৰ পোষকতা কৰিছে বিজ্ঞ সমাজে। যিহেতু নিজৰ ভিতৰত হোৱা এনে অন্তৰ্কন্দলে জাতিটোৰ বাবেই ক্ষতিকাৰক হ’ব বুলি উল্লেখ কৰিছে সচেতন মহলে।