মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মঙলবাৰে বিধানসভাৰ অধ্যক্ষক প্ৰেৰণ কৰিছে এই পদত্যাগ পত্ৰ।
ইতিমধ্যে ৰাজ্যৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হোৱাৰ কথা ঘোষণা কৰিছিল যদিও এতিয়া খালী হৈ পৰা মাজুলী সমষ্টিতো উপ-নিৰ্বাচন হোৱাটো খাটাং হৈ পৰিছে।
উল্লেখযোগ্য যে মাজুলী সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল।সোমবাৰে বিনা প্ৰতিদ্বিন্দিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ইফালে আজি নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি অহা ৩০ অক্টোবৰত ৰাজ্যৰ খালী হৈ থকা বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন ধাৰ্য কৰিছিল।
সেই অনুসৰি অসমৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অৰ্থাৎ অহা ১ অক্টোবৰত উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম আৰিখ ৮ অক্টোবৰ ধাৰ্য কৰা হৈছে।
এই ঘোষণা অনুসৰি অসমৰ ৫ টা সমষ্টি গোসাইগাঁও,ভবানীপুৰ,তামুলপুৰ,মৰিয়নী আৰু থাওৰা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।লগতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৬ অক্টোবৰ আৰু ভোটগণনাৰ তাৰিখ ২ নৱেম্বৰ ঘোষণা কৰিছিল।
তেনেক্ষেত্ৰত মাজুলীত উপ-নিৰ্বাচন হোৱা প্ৰসংগটো এক প্ৰকাৰ অস্পষ্ট হৈ আছিল যদিও আজি কেন্দ্ৰীয় মন্ত্ৰীজনে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে মাজুলীক ধৰি মুঠ ছটা সমষ্টিত উপ-নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰিছে।