কংগ্ৰেছ দলক অস্বত্বিত পেলাই প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধুয়ে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে।মঙলবাৰে কংগ্ৰেছৰ এই শক্তিশালী নেতাজনে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
মঙলবাৰে টুইট কৰি এই কথা সদৰি কৰিছে সিদ্ধুয়ে।এই খবৰ প্ৰকাশ হোৱাৰ পিছত পঞ্জাৱ প্ৰদেশ কংগ্ৰেছত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।যিহেতু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও পদত্যাগ কৰিছিল।
ইফালে অহা বছৰ ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰৱল দাবীদাৰ নৱজ্যোৎ সিং সিদ্ধুৰ এই পদত্যাগৰ সিদ্ধান্তই ৰাজ্যখনৰ ৰাজনীতিত উত্তাল পৰিবেশৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে দুমাহ পূৰ্বে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা সিদ্ধুয়ে সভাপতিৰ দায়িত্ব ত্যাগ কৰিছে যদিও দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে।
ইপিনে সিদ্ধুয়ে পদত্যাগ কৰাৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে সিদ্ধুক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সিদ্ধুক ৰাজ্যখনৰ বাবে মংগলজনক নহয় বুলি উল্লেখ কৰাৰ লগতে তেওঁ সুস্থিৰ নহয় বুলিও কটাক্ষ কৰে।
ইফালে সিদ্ধুৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি এগৰাকী বিধায়ক তথা সাধাৰণ সম্পাদকসহ দুজন শীৰ্ষ নেতাও পদত্যাগ কৰিছে।তদুপৰি এদিন পূৰ্বে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেজিয়া চুলতানেও সিদ্ধুৰ সমৰ্থনত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে।