২০১৬ চনৰ পৰা ৰাজ্যৰ ৫০টা বিভাগত ১ লাখ ৭ হাজাৰ ১৪৯ টা পদ খালী হৈ আছে।
সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে বিধান সভাৰ মজিয়াত মংগলবাৰে এই তথ্য দাখিল কৰে
প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে সামৰি লোৱা এই খালী পদবোৰৰ শিক্ষা বিভাগত সৰ্বাধিক ৫০,৪৬৫টা পদ খালি হৈ আছে।
সেইদৰে , গৃহ-ৰাজনৈতিক বিভাগত ২০,২৪৮টা আৰু স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগত ৯,৫৫৩টা পদ খালি হৈ আছে বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰায় ১ লাখ পদত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে চৰকাৰৰ বিভিন্ন বিভাগত ইতিমধ্যে সকলো পৰ্যায়ৰ নিযুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।
আনহাতে শিক্ষা বিভাগে নিজা বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে বহু নতুন পদৰ সৃষ্টি কৰিব। শিক্ষা বিভাগৰ নতুন পদখিনি মিলালেহে চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিধানসভাত ঘোষণা কৰে।