বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। এনে লোকৰ ক্ষেত্ৰত পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত আয়ৰ সীমা বঢ়াই দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে বিশেষভাৱে সক্ষম শিশু বা যুৱক – যুৱতীসকলৰ বাবে আয়ৰ সীমা বঢ়াই দিয়া হৈছে। এই সুবিধা লাভ কৰিব মানসিক বা শাৰীৰিক অক্ষমতাত ভোগা শিশু বা যুৱক –যুৱতীৰ পৰিয়ালে।
উল্লেখ্য যে বৰ্তমানে পেঞ্চনৰ বাহিৰে আন বিকল্পৰ জৰিয়তে যদি কোনো লোকৰ আয় ৯০০০ টকা বা তাতোকৈ কম হয় তেন্তে সেই লোকৰ পৰিয়াল পাৰিবাৰিক পেঞ্চনৰ আওতালৈ আহিব।
কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে বিশেষভাৱে সক্ষম শিশুৱে যাতে আজীৱন পেঞ্চন পাব পাৰে তাৰো ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ বাবে কিছু নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে। উক্ত নিয়ম অনুসৰি পাৰিবাৰিক পেঞ্চনৰ বাহিৰে যদি আন কোনো আয় নাথাকে , তেতিয়াহে সংশ্লিষ্ট ব্যক্তি বা শিশুয়ে এই টকা লাভ কৰিব পাৰিব।
আনহাতে বিশেষভাৱে সক্ষম ব্যক্তি থকা পৰিয়ালৰ মূল ব্যক্তিগৰাকীৰ আয় যদি পাৰিবাৰিক পেঞ্চনতকৈ কম হয় , তেন্তে সেই টকা লাভ কৰিব পৰিয়ালটোৱে। ইয়াৰ উপৰিও মূল ব্যক্তিজন চৰকাৰী চাকৰিয়াল হ’লে , তেঁওৰ বেতনৰ ৩০% পেঞ্চনৰ লগত সংযুক্ত হ’ব আৰু তাৰ ওপৰত মুদ্ৰাস্ফীতিও ধাৰ্য কৰা হ’ব।