বৰ্তমান সময়ত প্ৰায় সকলো লোক স্বাস্থ্যৰ প্ৰতি সচেতন। যিহেতু আজিকালি মানুহৰ বেমাৰো বেছি গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি জৰুৰী। বিশেষকৈ এই কৰ’নাৰ সময়ত শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বজাই ৰখাটো বহুত প্ৰয়োজনীয়।
স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় ঔষধীয় গুণেৰে পৰিপুষ্ট এবিধ মচলাজাতীয় খাদ্য হৈছে লং। এই লং বিভিন্ন ধৰণে খাদ্যৰ লগত মিশ্ৰণ কৰি খোৱা হয়। লং যদি গাখীৰত মিহলাই খোৱা হয় তেন্তে শৰীৰৰ বহুত উপকাৰ হয়। এই মিশ্ৰণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। দৈনিক ব্ৰেকফাষ্টৰ সময়ত গাখীৰৰ লগত দুটা লং খালে শৰীৰৰ যথেষ্ট উপকাৰ হয়।
- গাখীৰত লং মিহলাই খালে পেট পৰিস্কাৰ হয় , গেছৰ সমস্যাৰ পৰা মুক্তি দিয়ে । ফলত শৰীৰত হজম শক্তিৰ বৃদ্ধি হয়।
- গাখীৰে বৃক্ক মজবুত কৰে। আনহাতে লংত ফাইবাৰ বহু পৰিমাণে থকাৰ বাবে গাখীৰৰ সৈতে মিহলাই খালে ই বৃক্কৰ সমস্যা দূৰ কৰে।
- প্ৰতিদিনেই গাখীৰৰ লগত দুটা লং খালে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে। গাখীৰত পটাচিয়াম, মেগনেচিয়াম, মিনাৰেল, কেলচিয়াম আদি পোৱাৰ লগতে লঙত ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাৰ গুণ থাকে। ফলত এই দুয়োটাৰ মিশ্ৰণ শৰীৰৰ বাবে উপকাৰী হয়।
- গাখীৰৰ লগত লং খালে শৰীৰ মজবুত হয় আৰু শৰীৰত শক্তি বৃদ্ধি পায়।