ৰিজাৰ্ভ বেংকে ই এম আই (EMI) ক্ষেত্ৰত আনিছে কিছু পৰিৱৰ্তন। উল্লেখ্য যে পৰৱৰ্তী মাহৰ পৰা অট’ ডেবিট পেমেন্টৰ ক্ষেত্ৰত কিছু সাল-সলনি হ’ব। জানিবলৈ পোৱা মতে গ্ৰাহকৰ অনুমতি অবিহনে কোনো টকা স্বয়ংক্ৰিয়ভাৱে একাউন্টৰ পৰা কাটিব নোৱাৰিব। লাগিলে সেয়া মাহিলী ঋণৰ কিস্তিয়েই হঁওক বা অনলাইন ষ্ট্ৰিমিং সেৱাৰ চাবস্ক্ৰিপচনেই হঁওক।
দেখা যায় প্ৰতি মাহৰ আৰম্ভণিতেই বেংক একাউন্টৰ পৰা ই এম আই (EMI)ৰ বাবে স্বয়ংক্ৰিয়ভাৱে টকা কাটি দিয়া হয়। কিন্তু এতিয়াৰ পৰা সেই টকা কটাৰ আগতে অন্ততঃ ২৪ ঘন্টাৰ আগতে গ্ৰাহকৰ অনুমতি ল’ব লাগিব। ইয়াৰ উপৰিও টকা কটাৰ আগত ই-মেইল বা এছ এম এছ যাব গ্ৰাহকৰ বেংকৰ লগত সংলগ্ন ফোন নম্বৰলৈ। গ্ৰাহকে সন্মতি দিলেহে একাউন্টৰ পৰা টকা কটা হ’ব।
প্ৰাপ্ত তথ্য মতে পাঁচ হাজাৰতকৈ বেছি টকা কাটিবলৈ হ’লে প্ৰথমে ফোন নম্বৰলৈ অ টি পি আহিব। সেই অ টি পি অন্তৰ্ভূক্ত কৰাৰ পাছতহে টকা পেমেন্ট হ’ব। গতিকে এই ক্ষেত্ৰত নিয়মিতভাৱে বেংকৰ লগত সংলগ্ন নম্বৰত মেছেজ পৰীক্ষা কৰি থাকিব লাগিব।
উল্লেখ্য যে গ্ৰাহকে নিবিচাৰিলে পেমেন্ট বাতিলো কৰিব পাৰে। আনহাতে এই অতিৰিক্ত পৰিসেৱাৰ বাবে বেংকক কোনো মাচুল দিব নালাগে গ্ৰঽকে। দেশৰ বেংক ব্যৱস্থাক অধিক সুৰক্ষিত কৰাৰ বাবে অক্টোবৰত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে আৰু তাৰে ভিতৰত ই এম আই ৰ ক্ষেত্ৰত এই বিশেষ পৰিৱৰ্তন আনিছে বেংকে।