গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি গৰুখুঁটীৰ পাছত এইবাৰ উচ্ছেদ চলিব লামডিং বনাঞ্চলত। অহা অক্টোবৰ মাহত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ চৰকাৰ-প্ৰশাসন সাজু হৈছে।
উল্লেখযোগ্য যে লামডিং সংৰক্ষিত বনাঞ্চলত চলা বেদখল সন্দৰ্ভত হোজাইৰ প্রাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন (নং ৩৭/২০২১) দাখিল কৰিছিল৷ উক্ত লেখ আবেদন সম্পর্কত পৰৱর্তী পর্যায়ত ৰাজ্য চৰকাৰে শপতনামাযোগে বনাঞ্চলখনৰ ১.১০ হেক্টৰ মাটিত বেদখল হোৱা বুলি উল্লেখ কৰে। তাৰ উপৰি অক্টোবৰ মাহৰ পৰা অহা বছৰৰ ফেব্রুৱাৰী মাহৰ ভিতৰত তিনিটা পর্যায়ত সংৰক্ষিত বনাঞ্চলখন বেদখলমুক্ত কৰিব বুলিও প্রকাশ কৰে৷
এই সম্পর্কত প্রাক্তন বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত কয় যে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ কমেও দুহাজাৰখন ট্রেইন লাগিব৷ দেৱৰ মতে, বেদখলকাৰীসকলক উচ্ছেদ চলোৱাৰ পাছত তেওঁলোক ওচৰৰ জংঘলত সোমাব আৰু তাত পুনৰ বেদখল কৰিব৷ সেয়ে বেদখলকাৰীসকল প্রথমতে যি ষ্টেচনৰ পৰা আহিছিল, ৰে’লগাড়ীৰে তেওঁলোকক সেই স্থানলৈ পঠিয়াব লাগিব, তেতিয়াহে সমস্যাটো সমাধান হ’ব।
শিলাদিত্য দেৱে উল্লেখ কৰা অনুযায়ী ৰাজ্য চৰকাৰে তিনিটা পর্যায়ত উচ্ছেদ অভিযান চলোৱাৰ একচন প্লেন প্ৰস্তুত কৰিছে। প্রথম পর্যায়ত অহা অক্টোবৰ-নৱেম্বৰ মাহত উচ্ছেদ অভিযান চলিব৷ ৫ দিনীয়া কার্যসূচীৰ এই অভিযানৰ পিছত দ্বিতীয় পর্যায়ত চাৰিদিনীয়া কার্যসূচীৰে নৱেম্বৰ-ডিচেম্বৰ মাহত, তৃতীয় পর্যায়ত ৫ দিনীয়া কার্যসূচীৰে অহা বছৰৰ জানুৱাৰী-ফেব্রুৱাৰী মাহত উচ্ছেদ অভিযান চলিব৷ আদালতে উক্ত গোচৰটো অহা নৱেম্বৰ মাহৰ প্রথম সপ্তাহত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছে৷ উক্ত দিনাই আদালতক চৰকাৰে উচ্ছেদ সম্পর্কত কি কার্যব্যৱস্থা গ্রহণ কৰিলে, সেই বিষয়ে জনাব লাগিব৷
আনহাতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলোৱা সম্পর্কত জিলাখনৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ সৈতে দুবাৰ আলোচনা অনুষ্ঠিত হৈছে৷ ইতিমধ্যে বেদখলকাৰীক জাননীও জাৰি কৰা হৈছে৷ কার্বি আংলঙৰ সংৰক্ষিত বনাঞ্চলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোকনির্মাণ বিভাগকে ধৰি বহু চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷ অহা দুর্গাপূজাৰ আগে-পিছে জিলাখনত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলিব৷ জিলাখনৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে জিলাখনৰ পৰা সম্পূর্ণৰূপে বাংলাদেশী মুছলমান বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলি প্রকাশ কৰে৷