আগন্তক ২ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় টিভি চেনেল কালাৰ্চত অনুষ্ঠিত হ’ব জনপ্ৰিয় ৰিয়েলিটি শ্ব’ “ বিগ বছ ”। ইতিমধ্যে এই শ্ব’ ত অংশগ্ৰহণ কৰিবলগীয়া তাৰকা সকলৰ নাম প্ৰচাৰ কৰি দিয়া হৈছে। কিন্তু এইবাৰ বিগবছৰ লগত জড়িত অন্য এক ঘটনাইহে জনপ্ৰিয়তা লাভ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ “বিগ বছ” পৰিচালনা কৰিবৰ বাবে চলমান খানে প্ৰতিটো খণ্ডত পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰিছে ২৫ কোটি টকা।
উল্লেখ্য যে ২০১০ চনৰ পৰা “বিগ বছ”ত এজন হ’ষ্ট হিচাপে পৰিচালনা কৰি আহিছে জনপ্ৰিয় অভিনেতাজনে। জানিবলৈ পোৱা মতে আৰম্ভণিতে প্ৰথম চিজনত তাৰকা গৰাকীয়ে প্ৰতিটো খণ্ডৰ বাবে পাৰিশ্ৰমিক লৈছিল পাঁচ কোটি টকা। কিন্তু এতিয়া সেই মাননি বাঢ়ি হৈছেগৈ প্ৰায় ২৫ কোটি টকা।
আনহাতে “LetsOTT Global” নামৰ এক সুত্ৰৰ পৰা পোৱা তথ্য অনুযায়ী “বিগ বছ-১৫” ৰ ২৮ নম্বৰ খণ্ডলৈকে চলমান খানে পাৰিশ্ৰামিক নিৰ্ধাৰণ কৰিছে ৩৫০ কোটি টকা। এই হিচাপত প্ৰতি খণ্ডত তেঁও মাননি পাব ৫ কোটিতকৈও অধিক টকা। ইয়াৰ উপৰিও বলিউড হাংগামাই দিয়া তথ্য অনুসৰি চিজন ৪ ৰ পৰা চিজন ৬ লৈ প্ৰতিটো খণ্ডত চলমান খানে পাৰিশ্ৰমিক পাইছিল ২.৫ কোটি টকা। আৰু সেইবাবেই চিজন ৭ ৰ পৰা এই পাৰিশ্ৰমিক দুগুণ কৰি দিয়া হৈছিল।
সেই প্ৰতিবেদন অনুসৰি অভিনেতাজনে “বিগ বছ ”ৰ ৮ নম্বৰ চিজনত মাননি পাইছিল ৫.৫০ কোটি টকা আৰু ৯ নম্বৰ চিজনত সেই মাননি বঢ়াই ৭ ৰ পৰা ৮ কোটি টকা কৰে। আনহাতে চিজন ১০ ত পাৰিশ্ৰমিক একেই ৰখাৰ বিপৰীতে চিজন ১১ ত সেই পাৰিশ্ৰমিক হয়গৈ ১১ কোটি টকা।