টোলগেটৰ বিতৰ্কই অসমৰ ৰাইজক আজিও লগ এৰা নাই। ৰাজ্যৰ শোচনীয় বাট-পথবোৰৰ অৱস্থা অপৰিৱৰ্তিত হৈ আছে কিন্তু চৰকাৰে এখনৰ পৰা আন এখন টোলগেট নিৰ্মাণৰ কামত উঠি পৰি লাগিছে বুলি ৰাইজে সদায়েই অভিযোগ দি আহিছে।
বৃহস্পতিবাৰে গোলাঘাট জিলাৰ ৰঙাজানত স্থাপন কৰিবলৈ লোৱা টোলগেটৰ বিৰুদ্ধে সৰৱ হৈ উঠে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৰ সদস্যসকলে মানৱ শৃংখলাৰে টোলগেটৰ তীব্ৰ বিৰোধিতা কৰা দৃষ্টিগোচৰ হয়।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্য অনুসৰি টোলগেটৰ জৰিয়তে চৰকাৰে অবৈধ ভাৱে কৰ সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া কোনোপধ্যেই সমৰ্থনযোগ্য নহয়। শেহতীয়াকৈ চৰকাৰে গোলাঘাট জিলাৰ ৰঙামাটি আৰু ৰঙাজানত টোলগেট নিৰ্মাণৰ কাম হাতত লৈছে।
উল্লেখ্য যে বিভিন্ন সংগঠনৰ সদস্যসকলৰ অভিযোগ অনুসৰি ৰাজ্যখনত ৪লেনযুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠাকৈ কৰ সংগ্ৰহ কৰাটো সম্পূৰ্ণৰূপে অবৈধ।