বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি খবৰৰ শিৰোনাম দখল কৰা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলিয়ে পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰি অসমবাসীৰ ৰোষৰ বলি হ’বলগীয়া হৈছে।
শ্বহীদক অপমান কৰি এই কংগ্ৰেছী বিধায়কজনে শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়াত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ সকলো দল-সংগঠন।
ইফালে ধেমাজিৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী বিধায়কজনৰ এই মন্তব্যক গৰিহণা দি কয় যে-কংগ্ৰেছে এনে ধৰণৰ লোকক বৰঘৰত স্থান দি আহিছে।চৰম গৰিহণাৰ যোগ্য এইধৰণৰ মন্তব্য।
৮৩ আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাৰ সন্দৰ্ভত দিয়া এই বিৰূপ মন্তব্যৰ পিছতেই এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।বিশেষকৈ এই বিতৰ্কিত বিধায়কজনক লৈ বিগত নিৰ্বাচনতো কংগ্ৰেছ দল যথেষ্ট বিপাঙত পৰা দেখা গৈছিল।
তেনেক্ষেত্ৰত পুনৰ এক বিৰূপ মন্তব্য কৰি বিধায়কজনে দলটোক অস্বত্বিত পেলোৱা দেখা গৈছে।এইক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে-ই এক অপ্ৰয়োজনীয়,অবাঞ্চিতমন্তব্য।বিধায়ক জনৰ এই মন্তব্যত দল কোনো কাৰণতে জগৰীয়া নহয় বুলি উল্লেখ কৰে।
লগতে দলৰ ক্ষতি হোৱা যিকোনো কাম যিয়েই নকৰক কিয় তেওঁ সেই কামৰ বাবে দলীয় শাস্তি ভোগ কৰিব লাগিব। শ্বেৰমান আলিয়ে ইতিমধ্যে দলৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছে আৰু তেওঁ তাৰ পৰিণতি ভোগ কৰিব লাগিব মন্তব্য কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই বিতৰ্কিত বিধায়কজনে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সূচনা কৰিছিল।