মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বিগত সময়ছোৱাত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পণৰ পথ বাছি লৈছে। শেহতীয়াকৈ নৱগঠিত ইউ এল বি নামৰ উগ্রপন্থী সংগঠনটোৰ সদস্যসকলে বুধবাৰে আত্মসমৰ্পণ কৰা পৰিলক্ষিত হ’ল।
উল্লেখ্য যে উগ্রপন্থী সংগঠনটোৱে কিছুদিন আগতে সামাজিক মাধ্যমযোগে সমগ্র অসমত বোমাৰে ধ্বংসলীলা চলোৱাৰ হুংকাৰ দিছিল। প্রাপ্ত তথ্য মতে, ইউ এল বিৰ নেতা পিনজিত বসুমতাৰী আৰু শুক্রাম বড়ো ওৰফে বি চিজৌৰ নেতৃত্বত মুঠ ১২গৰাকী নেতা-কেডাৰে ওদালগুৰি জিলা উপ আৰক্ষী বিষয়া বিদ্যুৎ দাস বড়োৰ ওচৰত আত্মসমর্পণ কৰে৷
আৰক্ষীয়ে জনোৱা মতে সংগঠনটোৰ স্বঘোষিত সেনাধ্যক্ষ পিনজিতৰ নেতৃত্বত আত্মসমৰ্পণ কৰা উগ্ৰপন্থীসকলৰ ভিতৰত ছজন কোকৰাঝাৰ জিলাৰ, তিনিজন চিৰাঙৰ, দুজন ওদালগুৰিৰ আৰু এজন চিৰাঙৰ।
তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ নিষ্কাশন কৰাৰ পিছত কঠোৰ নিৰাপত্তা বেষ্টনীত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে উল্লেখ কৰে যে তেওঁলোকে আগতে ১২ জন ইউ এল বি কেডাৰক গ্ৰেপ্তাৰ কৰিছিল আৰু নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত দুজন উগ্ৰপন্থীৰ মৃত্যু হৈছিল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰে যে, যুৱক-যুৱতীসকলক উগ্ৰবাদৰ পথৰ পৰা ঘৰলৈ অনাৰ বাবে আমাৰ প্ৰচাৰ অব্যাহত ৰাখি নৱগঠিত গোট ইউনাইটেড লিবাৰেচন অৱ বড়োলেণ্ডৰ সকলো কেডাৰ আজি ঘৰলৈ উভতি আহিছে। আমি তেওঁলোকক এক সুন্দৰ আৰু সমৃদ্ধ অসম গঢ়ি তোলাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ স্বাগতম জনাইছো।
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এটা টুইটযোগে কয়, নৱগঠিত ইউ এল বিৰ সকলো কেডাৰ আৰু নেতাই হিংসা পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি অহাৰ সিদ্ধান্তক প্ৰশংসা কৰা উচিত।