কেচুঁ খান্দোতে সাপ ওলোৱাৰ দৰেই অনুৰূপ ঘটনা ঘটিল নগাঁও জিলাত। এটা ডকাইতি কেচৰ অনুসন্ধান কৰিবলৈ যোৱা আৰক্ষীৰ হাতত লাগিল অতি আশ্চৰ্যকৰ কিছু তথ্য!
প্ৰাপ্ত বাতৰি অনুসৰি নগাঁৱৰ মধুপুৰত বুধবাৰে নিশা আৰক্ষীয়ে এক ডকাইতি কেচৰ অনুসন্ধান কৰিবলৈ যাওতে উদ্ধাৰ হ’ল অসংখ্য ভুৱা প্ৰমাণপত্ৰ। এই অভিযানত উদ্ধাৰ হোৱা নথিৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ণ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণপত্ৰ, জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে নগাঁৱৰ কেইবাখনো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰমাণ পত্ৰ উল্লেখযোগ্য।
নগাঁৱ সদৰৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে মধুপুৰৰ মকবুল হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ অভিযান চলাইছিল। তথ্য অনুসৰি, আব্দুল খালেক নামৰ প্ৰধান অভিযুক্তজন বৰ্তমানেও পলাতক। মকবুল আৰু আব্দুলে দীৰ্ঘদিন ধৰি ধনৰ বিনিময়ত বিভিন্ন লোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল।
আৰক্ষী মহা নিৰ্দেশক ভাস্কৰজ্যোতি মহন্তই জনোৱা অনুসৰি ১০-১২ হাজাৰ ভুৱা প্ৰমাণপত্ৰ এতিয়ালৈকে উদ্ধাৰ হৈছে। সম্পূৰ্ণ গণনা এতিয়াও হৈ উঠা নাই। সন্দেহ কৰা অনুসৰি বহু চৰকাৰী বিষয়া আৰু বিভিন্ন স্কুলৰ প্ৰধান শিক্ষক এই চক্ৰটোৰ সৈতে জড়িত হৈ আছে।
বাতৰিত প্ৰকাশ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবেও এই চক্ৰটোৱে ভুৱা নথিপত্ৰ যোগান ধৰি আহিছিল।