প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আজি ভাৰতৰ সকলো চহৰক জাৱৰমুক্ত আৰু খোৱা পানীৰ অভাৱমুক্ত কৰিবলৈ দুখন নতুন আঁচনিৰ উদ্বোধন কৰিব।
স্বচ্চ ভাৰত অভিযান- নগৰ ২.০ আৰু অটল পুননৰ্ৱন আৰু নগৰীয়া ৰূপান্তৰ অভিযান ২.০আঁচনিৰ দ্বাৰা ভাৰতে ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলি চৰকাৰে এক লক্ষ্য নিৰ্ধাৰণ কৰিছে।
স্বচ্ছ ভাৰত অভিযান-নগৰ ২.০ আঁচনিৰ জৰিয়তে নগৰীকৰণ প্ৰক্ৰিয়াত অন্য মাত্ৰা প্ৰদান কৰিবলৈ নগৰ অঞ্চলক নলা নৰ্দমাৰ লেতেৰা পানীৰ পৰা মুক্ত কৰি জাৱৰ মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। জাৱৰসমূহ নিষ্কাশন কৰি পুন:ব্যৱহাৰ কৰাৰ উপৰিও গঠনমূলক কামত ব্যৱহাৰ কৰাৰো ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও ১ লাখতকৈ কম জনসংখ্যা থকা নগৰীয়া ঠাইত মুকলিকৈ মল ত্যাগ কৰাৰ পৰা মুক্ত কৰিবলৈ শৌচালয়ৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা হাতত লৈছে।
আনহাতে অটল পুননৰ্ৱন আৰু নগৰীয়া ৰূপান্তৰ অভিযান ২.০ আঁচনিৰ জৰিয়তে নগৰ অঞ্চলৰ ১০০% ঘৰতে খোৱা পানীৰ ঘৰুৱা সংযোগৰ ব্যৱস্থা কৰি ১০.৫ কোটি মানুহক পানীৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ ২.৬৮ কোটি টকাৰ পূজিৰ আবন্তন দিছে।
উল্লেখযোগ্য যে ২০১৪ আৰু ২০১৫ চনৰ পৰা আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযান আৰু অটল পুননৰ্ৱন আৰু নগৰ ৰূপান্তৰ অভিযান আঁচনি দুখনে ইতিমধ্যে সফলভাৱে কাৰ্য্যক্ষম হৈছে। স্বচ্ছ ভাৰত অভিযান আঁচনিৰ অধীনত অসম চৰকাৰে ২০১৯ চনৰ ২ অক্টোবৰ তাৰিখে অসম মুকলিত শৌচ ত্যাগ কৰাৰ পৰা মুক্ত বুলি ঘোষণা কৰে। এই নতুন দুয়োখন আঁচনিৰ সফল ৰূপায়নৰ আশা কৰা হৈছে।