বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। উদ্ধোধনী অনুষ্ঠানত বন মন্ত্ৰী ডাঙৰীয়াক সহযোগ কৰে মন্ত্ৰী অতুল বৰাই।
আজিৰে পৰা দেশী বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাত জীপ চাফাৰি, হাতী চাফাৰিৰ ব্যৱস্থা উপলব্ধ হ’ব। কিন্তু পৰ্যটকসকলে সম্পূৰ্ণ কভিদ বিধি মানি চলিব লাগিব বুলি বন পৰ্য্যটন বিভাগে জাননী জাৰি কৰিছে। পৰ্যটকসকলে কভিদৰ দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।
উল্লেখযোগ্য যে আজি ১ অক্টোবৰৰ পৰা মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি কৰা হৈছে| মানাহ ৰাষ্টীয় উদ্যান মুকলি কৰে প্ৰমোদ বড়ো ডাঙৰীয়াই।