নিউজ ডেস্ক,1 অক্টোবৰ: দেশৰ প্ৰভাৱশালী অভিনেতা সমুহৰ অন্যতম শিৱাজী গণেশক তেওঁৰ 93 সংখ্যক জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাইছে গুগলে। গুগল দোদুল ত অভিনেতা গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বেংগালুৰুৰ খ্যাতনামা শিল্পী নূপুৰ ৰাজেশ চ’কসিয়ে।
উল্লেখ্যযোগ্য যে বিলুপুৰম চিনিয়াহ গণেশ ওৰফে ভি চি গণেশৰ জন্ম হৈছিল 1928 চনৰ 1 অক্টোবৰত। তামিলনাডুৰ বিলুপুৰমত তেওঁ জন্ম লাভ কৰিছিল। তেওঁ 7 বছৰ বয়সতে ঘৰ এৰি থিয়েটাৰ গ্ৰুপত যোগদান কৰিছিল। যত তেওঁ শিশু আৰু মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। শিবাজী কাণ্ড সাম্ৰাজ্যত কৰা অভিনয়ৰ বাবে তেওঁ সুখ্যাতি লাভ কৰিছিল। 1952 চনত পৰশক্তি নামৰ ছবিৰ মূল চৰিত্ৰত অভিনয় কৰে। সংলাপ কোৱাৰ সুকীয়া ধৰণৰ বাবে তেওঁ দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল। ভগৱানৰ পৰা আৰম্ভ কৰি ৰজালৈকে তেওঁ প্ৰতিটো চৰিত্ৰতে নিখুঁত ভাবে অভিনয় কৰিছিল। সাস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 1997 চনত ভাৰত চৰকাৰে দাদা সাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছিল।