আজি কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়ানত ৭১তম অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত উপস্থিত হৈ ৰাজ্যপাল ডাঙৰীয়াই অসম আৰক্ষীৰ সাহসিকতাৰ বঁটা প্ৰদান কৰে।
১২ টা বেটেলিয়ানৰ আৰক্ষী জোৱানে পেৰেডত অংশ লৈ অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে। ডি জি পি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকলে অনুষ্ঠানত ভাগ লয়।