দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে আমাৰ অসমতো আজি গান্ধী জয়ন্তী পালন কৰা হৈছে। আজি পুৱাই শিলপুখুৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চাফাই অভিযান আৰম্ভ কৰে।
মহানগৰীৰ চানমাৰিত আজি অসম চৰকাৰে কেন্দ্ৰীয় ভাবে গান্ধী জয়ন্ত উদযাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অন্য উচ্চ পৰ্যায়ৰ বিষয়াসকলে অনুষ্ঠানটিত ভাগ লয়।
অনুষ্ঠানটিত ভাগ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহাত্মা গান্ধীৰ দৰ্শন আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গো পালন, মৌ পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হ’ব পাৰি বুলি জনসাধাৰণক অৱগত কৰে।
তেখেতে কয় যে আমি গান্ধীজীৰ আদৰ্শ আগত ৰাখি খাদীৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বনিৰ্ভৰ হ’ব পাৰোঁ। ভৱিষ্যতে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি তেখেতে নিজৰ বক্তব্যত উল্লেখ কৰে। খাদীক অৰ্থনৈতিক বিকাশৰ মূল আধাৰ হিচাপে গঢ়ি তুলিব পৰাৰ থল আছে বুলি জনাই বক্তব্যৰ সামৰণি মাৰে।
মহানগৰীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজঘাটৰ গান্ধীজীৰ সমাধিত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দদেৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়ায়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।