কালি ১ অক্টোবৰৰ বিয়লি প্ৰায় পাঁচ বজাত শিশু সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ ৮৩ বছৰ বয়সত গুৱাহাটীৰ দক্ষিণ শৰণীয়া স্থিত নিজ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।
১৯৩৮ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম লাভ কৰা তোষপ্ৰভা কলিতাই শিশু সাহিত্য, কবিতা আৰু অনুবাদ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। “পৃথিৱী আমাৰ ঘৰ”, ” ৰংঘৰ”, ” ফুলনি”, ” ইৰিকতি মিৰিকতি ” আদি তেওঁৰ দ্বাৰা লিখিত শিশু সাহিত্যৰ পুথি। তেখেতৰ শিশু সাহিত্যলৈ এই অৱদানৰ বাবে ২০১৩ চনত শিশু সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। তেখেতে অনুবাদ কৰা ” তত্ব চান” এখন উৎকৃষ্ট মানৰ শিশু উপন্যাস।
ইয়াৰ উপৰিও “বিশ্বৰূপা”,”অভিজ্ঞান লিপি” , নিৰ্বাচিত কবিতা” আদি কবিতা পুথি ৰচনা কৰি কবিতাৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ” শৰ্য্যাশায়ী তেখেতৰ একমাত্ৰ উপন্যাস।
তোষপ্ৰভা কলিতা ডাঙৰীয়ানী “ইলোৰা বিজ্ঞান মঞ্চ”ৰ জন্ম লগ্নৰে পৰা জড়িত হৈ আছে। তেখেতে সাহিত্যিক পেঞ্চনৰ ধনৰাশি ইলোৰা বিজ্ঞান মঞ্চৰ নামত দান দি থৈ যায়।
মৃত্যুৰ সময়ত তেখেতে চকুযুৰি আৰু দেহ জনকল্যাণৰ বাবে দান কৰি থৈ গৈছে।