অলপতে বলিউডৰ অভিনেতা ৰণবীৰ সিঙক ভাৰতৰ নেচনেল বাস্কেট বল এছোচিয়েচনৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে ঘোষণা কৰে। অভিনেতাজন সৰুৰে পৰা বাস্কেট বলৰ প্ৰতি আসক্ত বুলি অভিহিত কৰে।
ৰণবীৰ সিঙে ইতিমধ্যে ২০১৬ চনত টৰ’ন্ত’ত অনুষ্ঠিত হোৱা অল ষ্টাৰ বাস্কেট বলত অংশ গ্ৰহণ কৰিছিল। অভিনেতাজনে ২০২২ চনত ক্লেভলেণ্ডত অনুষ্ঠিত হ’বলগীয়া অল ষ্টাৰ বাস্কেট বল খেলত অংশগ্ৰহণ কৰিব।
নেচনেল বাস্কেট বল এছোচিয়েচনৰ অল ষ্টাৰ খেল এখন প্ৰদৰ্শনীমূলক খেল। ১৯৫১ চনৰ মাৰ্চৰ ১ তাৰিখৰ পৰা এই খেল আৰম্ভ হৈছিল। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হয়। এইবাৰ আটলাণ্টাত অনুষ্ঠিত হৈছিল।