আজি গান্ধী জয়ন্তী। আত্মনিৰ্ভৰশীলতাক মূল আদৰ্শ হিচাপে লৈ গান্ধীজীয়ে অহিংসাৰ নীতিৰে ভাৰতীয় দেশবাসীক বিদেশীৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু স্বাধীনতাৰ পিছত যেন সেই মহান উদ্দেশ্য ক’ৰবাত উপেক্ষিত হৈ ৰ’ল। পৰনিৰ্ভৰশীলতাই দেশৰ অৰ্থনীতি ধ্বংস কৰিলে। দৰিদ্ৰতাৰ হাৰ বাঢ়িল। দেশৰ পৰিৱেশ বিশৃংখল হ’ল।
২০২০ চনৰ কভিদৰ প্ৰথমটো ঢৌৱে আমাক পুনৰ সোঁৱৰাই থৈ গ’ল মহাত্মা গান্ধীজীৰ সেই মহান বাণীক। সমগ্ৰ বিশ্ব অৰ্থনীতি ধ্বংস হোৱাৰ লগতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল নীতি গ্ৰহণ কৰিবলৈ দেশবাসীক অনুৰোধ জনালে।
এখন দেশ বা সমাজৰ অৰ্থনৈতিক বিকাশৰ বাবে স্বনিৰ্ভৰশীল নীতি গ্ৰহণ কৰাটো নিতান্তই জৰুৰী। আমাৰ অসমলৈ এই মুহূৰ্তত পৰনিৰ্ভৰশীলতাই এক ভাবুকি কঢ়িয়াই আনিছে।
অলপতে গৰুখুঁটিৰ বিদেশী উচ্চেদৰ সময়ত বংগমূলীয় বিদেশী লোকসকলৰ পৰা একপ্ৰকাৰৰ ভাবুকি আহিছিল যে খাৰুপেটীয়াৰ শাক পাচলি উৎপাদন বন্ধ হ’লে অসম অচল হৈ পৰিব। এক কথাত এয়া সম্পূৰ্ণ সত্য। আমাৰ অসমৰ মানুহে নিজৰ বাৰীত শাক পাচলি উৎপাদনৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ বাবেই আমাৰ আজি এই দশা। অন্যহাতে কপিকুলৰ সন্ত্ৰাসৰ বাবেও গ্ৰাম্য অৰ্থনীতি বিধস্ত হ’বলৈ ধৰিছে।
আমাৰ অসম প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। অসমৰ মাটি খেতিৰ বাবে উপযোগী। কিন্তু বৰ্তমান অকৰ্মণ্য স্বভাৱৰ বাবে অসমে আজিও চাউলৰ বাবে চুবুৰীয়া ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰে।
গান্ধীজীয়ে কৈছিল, অসমীয়া শিপিনীয়ে তাঁতত সপোন বাচে। কিন্তু বৰ্তমান আমাৰ থলুৱা গামোচা বা মেখেলা চাদৰৰ উৎপাদনৰ বজাৰ গুজৰাট, বিহাৰ, পঞ্জাৱৰ দৰে অন্য ৰাজ্যসমূহে দখল কৰিবলৈ ধৰিছে। ইয়াৰ বাবে কেৱল আমাৰ অসমবাসী দায়ী।
জাতিবাদ অস্পৃশ্যতা আদিৰ বাবে পশুপালন, মস্য পালন আদিৰ দ্বাৰা স্বাৱলম্বন হ’বলৈ বিচৰা লোকসকলে বাধাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও চুলি কটাৰ দৰে বৃত্তি আজিও বহিৰাগতৰ হাতত।
কালিৰে পৰা পৰ্য্যটন বিভাগৰ বিভিন্ন ক্ষেত্ৰসমূহ মুকলি হৈছে। কাজিৰঙা, মানাহকে ধৰি ৰাষ্ট্ৰীয় উদ্যানসমূহ পুনৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হৈছে। এইক্ষেত্ৰত পৰ্য্যটন বিভাগৰ “আমাৰ আলহী” আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ লোকসকলে পৰ্য্যটকসকলক থকা খোৱাৰ সুবিধা প্ৰদান কৰি অৰ্থ উপাৰ্জন কৰিব পাৰে।
আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গান্ধী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি মৌ পালনৰ কথা উল্লেখ কৰে। আমাৰ অসমবাসীয়ে মৌ পালন, গো পালন কৰি গাখীৰ উৎপাদন কৰি আমি স্বনিৰ্ভৰশীল হ’ব পাৰোঁ।
খাৰ খোৱা অসমীয়া বুলি আমাক অভিহিত কৰে। পুৰণি অসম আত্মনিৰ্ভৰ আছিল। অসমৰ শিপিনীয়ে একে ৰাতিৰ ভিতৰতে কৱচ কাপোৰ বৈ স্বামীক যুঁজলৈ পঠিয়াইছিল। আনকি ৰজাঘৰৰ নিৰ্দেশত মহিলাসকলে নিৰ্দিষ্ট পৰিমাণৰ সূতা উঘাই দিয়াটো নিয়ম আছিল। মুছলমান আক্ৰমণকাৰী সকলৰ সৈতে অহা বুৰঞ্জীবিদ সকলে লিখিছে যে পাণৰ বাহিৰে অন্য সামগ্ৰী বজাৰত বিক্ৰী কৰাটো অসমবাসীৰ বাবে লাজৰ বিষয় আছিল। পৰিয়ালসমূহ খেতি বাতি, ফলমূল, পুখুৰীত মাছ, ঘৰত পশুৱে উভৈনদী আছিল। কিন্তু আজিৰ অসমৰ কথা ভাবিলে বিপৰীত ছবি এখনহে মনলৈ আহে।
মাইক্ৰ’ফাইনেঞ্চৰ ঋণ পৰিশোধৰ কথাক লৈ কিছুদিনৰ পূৰ্বে অসম উত্তাল হৈ পৰিছিল। মাইক্ৰফাইনেঞ্চৰ ঋণ অসমীয়া মহিলাৰ বাবে এক প্ৰকাৰৰ আশীৰ্বাদ আছিল। কিন্তু নিজৰ অজ্ঞতা, অকমন্যতা, উচ্চাকাঙ্ক্ষাৰ বাবে উপাৰ্জন কাৰ্য্য বা কোনো গঠনমূলক কামত ব্যৱহাৰ নকৰি মোবাইল, কাপোৰ আদিৰ দৰে অপ্ৰয়োজনীয় বস্তুত ঋণৰ টকা খৰচ কৰি পৰিয়ালটো অৰ্থনৈতিক দিশত ধ্বংসৰ গতিলৈ ঠেলি দিলে। অসমখন বহু বছৰ পিছ পৰি ৰ’ল। গ্ৰাম্য অৰ্থনীতি ধ্বংস হ’ল। খেতি বাতি, বোৱা কটা কৰিবলৈ বাদ দিলে।
দ্বিতীয় কভিদৰ ঢৌৱে পুনৰ ধ্বংসৰ গৰাহলৈ লৈ গ’ল। বৰ্তমান অসমৰ পৰিস্থিতি অতি ভয়াবহ পৰ্য্যায়ত। আত্মনিৰ্ভৰশীলতা নীতিৰ বাদে ইয়াৰ পৰা মুক্ত হোৱাৰ অন্য উপায় নাই। জাতি বৰ্ণ লিংগ ধৰ্ম নিৰ্বিশেষে সকলো লোকে আত্মনিৰ্ভৰশীল হ’বই লাগিব।
কিন্তু অসমৰ তিনি আলিত যেতিয়ালৈকে দিন দুপৰত অকমন্য ডেকা ল’ৰাৰ কেৰমৰ আদ্দা বাহাল থাকিব, অসমৰ ছোৱালীয়ে যেতিয়ালৈকে কেৱল বিবাহক জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে ৰাখিব তেতিয়ালৈকে অসমৰ অৰ্থনৈতিক বিকাশ অসম্ভৱ। নিজেই সচেতন হ’ব লাগিব।
উপাৰ্জনৰ প্ৰতি আকৰ্ষিত হ’বলৈ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চিতভাৱে উপকৃত হ’ব। চৰকাৰে কেৱল আৰ্থিক সাহাৰ্য্য প্ৰদান নকৰি লগতে বাধ্যতামূলক নুন্যতম শ্ৰম বা নুন্যতম উৎপাদনৰ বাবে আগ্ৰহী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নৱ প্ৰজন্ম আকৰ্ষিত হ’ব। নহ’লে আত্মনিৰ্ভৰ অসমৰ ধাৰণা মিথ্যা হৈয়েই ৰ’ব।