ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৩ অক্টোৱৰত জি এইম চি এইচৰ কৰ্কট হস্পিতালত অসমৰ প্ৰথম আৰু দেশৰ চতুৰ্থতম PET- MRI শাখা উন্মোচন কৰে। পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে টাটা মেমৰিয়েল ট্ৰাষ্টৰ সহযোগত সমগ্ৰ উত্তৰ পূবৰ কেঞ্চাৰ ৰোগীসকলৰ বাবে যাৱতীয় চিকিৎসা সেৱা অসমতে প্ৰদান কৰিবৰ বাবে এই নতুন শাখাটো স্থাপন কৰা হৈছে। উপ ৰাষ্ট্ৰপতি গৰাকীক সহযোগ কৰে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
উপ ৰাষ্ট্ৰপতি গৰাকীয়ে অসমবাসীক পৰম্পৰাগত খাদ্যশৈলীক আঁকোৱালি হৈ ৰোগমুক্ত হ’বলৈ আহ্বান জনায়। তেখেতে উদ্বেগ প্ৰকাশ কৰি কয় যে অৰুণাচল প্ৰদেশত কেঞ্চাৰ ৰোগীৰ বৃদ্ধিৰ হাৰ সংখ্যা সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক। আনহাতে অসমত ২০২০ চনত ৫২ হাজাৰ কেঞ্চাৰ ৰোগী চিহ্নিত হৈছে। ২০২০ চনলৈকে অসমত ৪০ লাখ কেঞ্চাৰ ৰোগীৰ চিনাক্ত হৈছে। ২০২৫ চনলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৬০ লাখলৈ বৃদ্ধি পাব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জানিবলৈ দিয়ে যে PET-MRI শাখাৰ দ্বাৰা অতি কম খৰচতে কেঞ্চাৰ ৰোগীসকলে উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তিৰ সহযোগত ৰাজ্যত নিৰ্মাণ হৈ থকা সৰ্বমুঠ ১৮ খন কৰ্কট হস্পিতাল ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিয়ে।
সম্পূৰ্ণ হ’বলগীয়া ১৮খন কৰ্কট হস্পিতাল আৰু PET MRI শাখাৰ উদ্বোধনে ৰাজ্যবাসীৰ মনলৈ এক সকাহ কঢ়িয়াই আনিব।