আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত বিখ্যাত vouge আলোচনীৰ মুখ্য পৃষ্ঠাত স্থান লাভ কৰা অসম কন্যা লাভলীনা বৰগোঁহাইৰ ছবিয়ে সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ১৮৯২ চনত প্ৰথম প্ৰকাশ পোৱা ফেশ্বন আৰু সৌন্দৰ্য্য চৰ্চাৰ আলোচনীখনে সৌন্দৰ্য জগতলৈ এক অভূতপূৰ্ব বৰঙণি যোগাই আহিছে।
লাভলীনা বৰগোঁহাইৰ ছবিখন প্ৰকাশ পোৱাৰ লগে লগে সৌন্দৰ্য্যতাৰ প্ৰতি থকা মানুহৰ ধাৰণা নিশ্চয় সলনি হ’ব।
আমাৰ সমাজত এতিয়াও ধুনীয়াৰ সংজ্ঞা বগা, নিয়মীয়া ওখ, নিয়মীয়া দৈহিক মাপৰ খীণ ছোৱালী এজনীকে বুজা যায়। ৩৬-২৪-৩৬ ক আদৰ্শ মাপ বুলি গণ্য কৰা ধাৰণাক লাভলীনাৰ ছবিখনে এতিয়া প্ৰত্যাহ্বান জনাইছে।
আমাৰ সমাজত শৰীৰক লৈ বিৰূপ মন্তব্য কৰা হয়। চাপৰজনক থুপুকা বা ভুতুকী, ক’লা ৰঙৰ ছোৱালীক কলী, এঙাৰ ৰঙী আখ্যা দিয়া হয়। এওঁলোক ধুনীয়াৰ আওতাৰ পৰা আঁতৰি থাকে।
আনকি লাভলীনায়ো এসময়ত ওখ হোৱাৰ কাৰণেই মানুহৰ কথা শুনিবলগীয়া হৈছিল। এই সময়ত vouge আলোচনীৰ এই পদক্ষেপে আমাৰ সমাজত সৌন্দৰ্য্যতাৰ সংজ্ঞা নিশ্চয় সলনি কৰিব।
কিছুদিন পূৰ্বে জামাইকাৰ কৃষ্ণ বৰ্ণৰ যুৱতীয়ে বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰি পুনৰ প্ৰমাণ কৰি দিছিল যে সৌন্দৰ্য্যতা বা ধুনীয়া শব্দৰ লগত ৰঙৰ কোনো সম্পৰ্ক নাই।
পৃথিৱীৰ সকলো মানুহ ধুনীয়া। ধুনীয়া মনৰ মানুহবোৰৰ বাবেই পৃথিৱীখন আজিও ধুনীয়া।
উল্লেখযোগ্য যে লাভলীনাৰ উপৰিও পি ভি সিদ্ধু আৰু মীৰাবাঈ চান্নুৰ ছবিও আলোচনীখনত সংযুক্ত হৈছে। সৌন্দৰ্য্যতাৰ লগত খেল বা শক্তিৰো সম্পৰ্ক আছে এই কথা vouge এ আকৌ এবাৰ সকলোকে বুজাই দিলে।