শাৰদীয় বতৰত ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাতা টাটাই মুকলি কৰিছে পাঞ্চ নামৰ এখন মিনি SUV। আজি সমগ্ৰ দেশতে গাড়ীখনৰ বুকিং আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। উল্লেখযোগ্যযে, টাটাই ২০ অক্টোবৰত পাঞ্চ নামৰ এখন মিনি SUV-খন ভাৰতীয় বজাৰত মুকলি কৰাৰ পৰিকল্পনা কৰিছে।
মুম্বাইস্থিত কোম্পানীটোৱে দাবী কৰিছে যে পাঞ্চে যাত্ৰীবাহী বাহনৰ বজাৰত এক সুকিয়া স্থান দখল কৰিব।
কোম্পানীৰ বিষয়াসকলে লগতে জানিব দিয়ে যে টাটা পাঞ্চ গাড়ীখন টাটা নেক্সনৰ (7.28 লাখ টকা) তলত ৰখা হ’ব, ইয়াৰ মূল্য আৰু অন্যান্য বিৱৰণ যেনে স্পেচিফিকেচনবোৰ ইয়াৰ আৰম্ভণিৰ দিনা প্ৰকাশ কৰা হ’ব। ক্ৰেতাসকলে ৪ অক্টোবৰৰ পৰা ২১,০০০ টকাত টাটা পাঞ্চ বুক কৰিব পাৰিব ।
টাটা পাঞ্চ গাড়ীখন চাৰিটা প্ৰকাৰত উপলব্ধ হ’ব। ৬.৫ লাখ টকাৰ তলৰ বেছিভাগ মডেলৰ দৰে, পাঞ্চ গাড়ীখন এতিয়াৰ বাবে কেৱল পেট্ৰ’ল ইঞ্জিনৰ সৈতেহে বজাৰত উপলব্ধ হব।
গাড়ীখনৰ সুবিধাতালিকাত অন্তৰ্ভুক্ত আছে ডুৱেল এয়াৰবেগ, ইবিডিৰ সৈতে এবিএছ, ইঞ্জিন ষ্টাৰ্ট-ষ্টপ, ইকো আৰু চিটি ড্ৰাইভ মোড, ৯০ ডিগ্ৰী খোলা দুৱাৰ, ষ্টিয়েৰিং মাউণ্টেড কণ্ট্ৰোল, ৭ ইঞ্চি ইনফোটেইনমেণ্ট চিষ্টেম, পিছফালৰ কেমেৰা, ভইচ কমাণ্ড, উচ্চতা-এডজাষ্টেবল ড্ৰাইভাৰ চিট, অটো-ফল্ডিং অ’আৰভিএম ইত্যাদি।
টাটা মটৰ্ছে আৰু দাবী কৰিছে যে পাঞ্চ গাড়ীখন ১৫০ টা প্ৰটোটাইপত ২ মিলিয়ন কিলোমিটাৰতকৈও অধিক সময় ধৰি পৰীক্ষা কৰা হৈছে। এইবোৰ ৰাজস্থানৰ গৰম, ৫০ ডিগ্ৰী চেলচিয়াছ বতৰৰ পৰিস্থিতি আৰু ঠাণ্ডা পৰিস্থিতিত, লাডাখত -১০ ডিগ্ৰী চেলচিয়াছত চালিত হৈছিল। গাড়ীখন পুনেস্থিত টাটা মটৰ্ছৰ কাৰখানাত নিৰ্মাণ কৰা হ’ব।