যোৱা ১ অক্টোবৰৰ মাজনিশা ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰাক্তন প্ৰতিযোগী মডেল ৰাজকন্যা বৰুৱাই সুৰাত মাতাল হৈ গাড়ী চলাওতে ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিয়ে।
পিছত দিছপুৰ থানালৈ কৰায়ত্ব কৰি যান বাহন আৰক্ষীয়ে এজাহাৰ দাখিল কৰে। কিন্তু ৰহস্যজনক ভাৱে পিছদিনা আদালতে জামিন মঞ্জুৰ কৰে।
এনে পৰিস্থিতিত সচেতন মণ্ডলৰ আৰক্ষীৰ স্থিতিৰ ওপৰত সন্দেহ ওপজে আৰু সামাজিক আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসন্তুষ্টি প্ৰকাশ কৰে।
অৱশেষত আৰক্ষী শীৰ্ষ বিষয়াই ৰাজকন্যা বৰুৱাৰ কেছটোৰ বিষয়াক নিলম্বন কৰি নতুনকৈ তদন্ত কমিটি গঠন কৰে। বৰ্তমান দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চমন জাৰি কৰিছে। সম্প্ৰতি ৰাজকন্যা বৰুৱা GNRC হস্পিতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। চিকিৎসাধীন হৈ থকাৰ অজুহাতত দিছপুৰ আৰক্ষীৰ পৰা ১৪ দিনৰ বাবে সময় বিচাৰিছে।
ইয়াৰ পূৰ্বেও ২০১৭ চনতো সন্দিকৈ উপাধিৰ এজন যুৱকক গাড়ীৰে খুন্দিয়াই চিৰ দিনৰ বাবে ঘূণীয়া কৰিছিল। ২০১৯ চনতো লতাশিল থানাত ৰাজকন্যা বৰুৱাৰ বিষয়ে গোচৰ ৰুজু কৰা হৈছিল। পিছে এতিয়ালৈকে কোনো ব্যৱস্থা নহ’ল।
একাংশ মাধ্যমে ৰাজকন্যা বৰুৱাৰ এখন নতুন ছবি দাঙি ধৰি অপৰাধক নতুন মূৰ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। এনেকৈ সুৰুঙা লৈ পুনৰ অপৰাধী আৰক্ষীৰ জালত পৰা হাৰি যাব নেকি এই লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।