চাকৰিৰ প্ৰলোভনেৰে অসমৰ বাহিৰলৈ লৈ যোৱা একাংশ যুৱকক দিল্লী, উত্তৰ প্ৰদেশৰ দৰে ঠাইত অস্ত্ৰোপচাৰৰ জৰিয়তে তৃতীয় লিংগলৈ পৰিৱৰ্তন কৰোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
অসমীয়া প্ৰতিদিনত প্ৰকাশিত এটা বাতৰি মতে অসমৰ বিভিন্ন ঠাইৰ পৰা চাকৰিৰ টোপ দি নিয়া এইসকল যুৱকক এটা চক্ৰই কিন্নৰলৈ ৰূপান্তৰিত কৰি বিভিন্ন অনৈতিক কামৰ লগত জড়িত কৰোৱায়।
কিন্নৰ ছিণ্ডিকেট চক্ৰৰ এনেধৰণৰ কাৰ্য সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মহানগৰ আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল।
তদন্তত অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাছতে অভিযান চলাই আৰক্ষীয়ে গেংটোৰ মূল কাণ্ডাৰী পিংকী ওৰফে মহম্মদ আলীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে পিংকীৰ সহযোগী অন্য ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে ৰাতি শতাধিক কিন্নৰে গ্ৰেপ্তাৰ হোৱা কেইজনৰ মুক্তিৰ দাবীত পাণবজাৰ মহিলা থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখনীয় যে কিছুদিন পূৰ্বে এনেদৰে লিংগ পৰিৱৰ্তন কৰা ছাহজাহান ওৰফে হেলেন নামৰ ব্যক্তিজনক উদ্ধাৰ কৰাৰ পাছতেই এই ভয়ংকৰ ৰেকেটৰ কথা পোহৰলৈ আহিছিল। চাকৰিৰ প্ৰলোভনেৰে পিংকীৰ মেনেজাৰ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা নুৰুল হকে তেঁওক দিল্লীলৈ নি অচেতন কৰে আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে ছাহজাহানৰ অজ্ঞাতে লিংগ পৰিৱৰ্তন কৰে।
এনেদৰে অস্ত্ৰোপচাৰ কৰা যুৱকসকলৰ ক্ৰমান্বয়ে শৰীৰৰ পৰিৱৰ্তন ঘটে। তেঁওলোকে প্ৰথমে দিল্লীৰ ৰাজপথত ভিক্ষা বৃত্তিত নামে আৰু পৰৱৰ্তী পৰ্যায়তহে অসমলৈ অনা হয়।
দৰিদ্ৰতা-নিৰক্ষৰতাৰ সুযোগ লৈ এই ছিণ্ডিকেট চক্ৰই ধুবুৰী, গোৱালপাৰা, গোৰেশ্বৰ, মানকাচৰ আদি বিভিন্ন ঠাইৰ যুৱকক প্ৰলোভনেৰে দিল্লীলৈ নি লিংগ পৰিৱৰ্তন কৰাইছিল।
গ্ৰেপ্তাৰ হৈ বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ’ব।
আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত দিল্লী অথবা উত্তৰ প্ৰদেশৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিব বুলি জানিব পৰা গৈছে। এই চক্ৰত উদ্ধাৰ হোৱা উত্তৰ প্ৰদেশৰ ব্যক্তিলৈ চাই ইয়াৰ মূল চক্ৰটো সম্পৰ্কে আৰক্ষীৰ মনত সন্দেহৰ জন্ম হৈছে। পৰৱৰ্তী তদন্তইহে সকলো কথা পোহৰলৈ আনিব পাৰিব।