উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ দ্বাৰা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ কৰ্কট হস্পিতালত PET MRI শাখাৰ উদ্বোধনে Medical tourism ত এক অনন্য মাত্ৰা প্ৰদান কৰিব।
কিছু বছৰৰে পৰা আমাৰ দেশ ভাৰতবৰ্ষ medical tourism ৰ ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কম ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবে প্লাষ্টিক চাৰ্জাৰী, চকু চিকিৎসা, New reproductive technology ৰ দ্বাৰা সন্তানহীনতা দূৰ কৰা আদিৰ বাবে ভাৰত কেন্দ্ৰ বিন্দু হৈ পৰিছে।
আমাৰ অসমে পূৰ্বৰে পৰা স্বাস্থ্য পৰ্য্যটনত অৰিহণা যোগাই আহিছে। সুলভ মূল্যৰ চিকিৎসা সেৱাৰ বাবে বাংলাদেশ, ভূটান, নেপাল, ম্যানমাৰৰ পৰা বহুতো ৰোগীৰ পূৰ্বৰে অসমলৈ চিকিৎসাৰ বাবে আহিছে।
চৰকাৰৰ act east policy ৰ দ্বাৰা দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰি যাতায়ত ব্যৱস্থা সুস্থিৰ কৰিছিল। ইয়াৰ উপৰিও উড়ান আঁচনিৰ জৰিয়তে দেশৰ অন্য প্ৰান্তৰৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহৰ দুৰ্গম ঠাইত উৰাজাহাজৰ ব্যৱস্থা কৰা হৈছে।
শেহতীয়াকৈ জ্যোতি আদিত্য সিন্ধিয়াই উত্তৰ পূবৰ দুৰ্গম ঠাইত বিমান বন্দৰ স্থাপন কৰিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে।
বিমান পৰিবহনৰ উন্নতিৰ লগে লগে অসমলৈ উত্তৰ পূবৰ লোকসকলৰ লগতে কাষৰীয়া দেশসমূহৰ পৰাও ৰোগীৰ সংখ্যা বাঢ়িব বুলি আশা কৰা হৈছে।
গুৱাহাটীৰ পৰা ঢাকাৰ সৈতে বাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে বাংলাদেশৰ পৰা বহুতো কেঞ্চাৰ ৰোগী অসমলৈ চিকিৎসাৰ বাবে অসমলৈ অহাৰ সংখ্যা কভিদ পৰিস্থিতিৰ পূৰ্বে যথেষ্ঠ বৃদ্ধি পাইছিল। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু নৰ্থ ইষ্ট কৰ্কট প্ৰতিষ্ঠানত বিদেশৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল।
শেহতীয়াকৈ অসম চৰকাৰে নীতি আয়োগৰ সৈতে আলোচনা কৰি দেশ বিভাজনৰ পূৰ্বৰ ৰেল লাইনসমূহ পুনৰ মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে যাতায়ত ব্যৱস্থা অধিক সূচল হৈ পৰিব। যাৰ দ্বাৰা চিকিৎসা কৰিবলৈ অহা ৰোগীৰ সংখ্যা বৃদ্ধি পাব।
অসম চিকিৎসা ব্যৱস্থাত টাটা ট্ৰাষ্টৰ সহযোগত অসমত প্ৰথম আৰু ভাৰতৰ চতুৰ্থতম PET MRI শাখাৰ উদ্বোধনে নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কভিদ পৰিস্থিতিৰ উন্নত হ’লে এইবাৰ কৰ্কট ৰোগৰ সুলভ চিকিৎসাৰ বাবে অন্য ৰাজ্যৰ পৰা অহাৰ লগতে বহুতো বিদেশী ৰোগী বৃদ্ধি পাব বুলি অসম আশাবাদী। অসম পৰ্যটন ক্ষেত্ৰ যথেষ্ঠ লাভবান হ’ব।