ভাৰতবৰ্ষৰ এখন লেখত ল’বলগীয়া ৰাজ্য বিহাৰৰ ৰৌহটাচ জিলাৰ এক ব্যস্ততা পূৰ্ণ হূলস্থূলীয়া জংচন হ’ল ‘চাচাৰাম’।
ৰে’লৱে ষ্টেচন বুলি ক’লেই আমাৰ সহজতেই মনলৈ আহে এক উশ্বৃংখল পৰিবেশৰ কথা তাতে যদি সেইয়া জংচন হয় তেন্তে সেই উশ্বৃংখলতা আৰু চাৰিগুণ বেছি হৈ পৰিব বুলি সহজেই অনুমেয়। কিন্তু আমাৰ এই অনুমানক মিছা প্ৰতিপন্ন কৰি বিহাৰৰ ৰৌহটাচ জিলাৰ চাচাৰাম জংচনে দিলে এক সুকীয়া পৰিচয়। এইয়া হয়তো আপোনালোকৰ কল্পনাৰো অগোচৰ যে দিনটোৰ নিৰ্দিষ্ট কিছু সময়ত অৰ্থাৎ ৰাতিপুৱা আৰু সন্ধিয়া দুঘণ্টাৰ বাবে এই ব্যস্ত হূলস্থূলীয়া জংচনটোৰ ১আৰু ২নং প্লেটফৰ্মকেইটা পৰিণত হয় যুৱপ্ৰাৰ্থী সকলৰ প্ৰশিক্ষণ কেন্দ্ৰত । আনহে নালাগে দেশৰ অসামৰিক সেৱাকে আদি কৰি প্ৰশাসনিক সেৱা, বেংক পৰীক্ষা, আই. আই. টি. আৰু আই. আই. এম. ৰ প্ৰবেশ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলে প্লেটফৰ্মতে ।
এই যাত্ৰাৰ আৰম্ভণি হৈছিল ২০০২-২০০৩চনতে। প্ৰথম অৱস্থাত একেবাৰে কম সংখ্যক ছাত্র ছাত্ৰীৰ এটি গোটেৰে আৰম্ভ কৰা এই যাত্ৰাই যেন এতিয়া এক অনন্য ৰূপ পালে।চাচাৰাম জংচনৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বিভিন্ন গোটসমূহ এতিয়া যেন কোনো প্ৰতিষ্ঠানতকৈ কোনো গুণেও কম নহয়।
আটাইতকৈ ভাললগা কথা এইয়ে যে যিসকল এই যাত্ৰাত সফল হৈছে বা বহু বছৰ ধৰি সফল হ’ব পৰা নাই সেই সকলৰ তত্বাৱধানত এই প্ৰশিক্ষণ চলি আছে আজি পৰ্যন্ত। ৰৌহটাচ জিলাৰ চাচাৰাম জংচন প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱা মূল কাৰণ হ’ল ইয়াত ২৪ ঘন্টাই বিজুলি যোগান অব্যাহত থাকে। বাওঁপন্থী আন্দোলনৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা ৰৌহটাচ জিলাৰ বেছিভাগ ল’ৰাছোৱালীয়েই ইয়ালৈ প্ৰশিক্ষণৰ বাবে আহে কাৰণ তেওঁলোকৰ বেছিভাগৰ ঘৰতেই বিদ্যুতৰ ব্যৱস্থা নাই বুলিবই পাৰি। দ্ৰাৰিদ্ৰ্য কিম্বা জীৱন যুঁজৰ যন্ত্ৰণাদগ্ধ সময়বোৰত তেওঁলোকৰ বাবে এটা স্থায়ী সংস্থাপনেই কৰিব পাৰে পোহৰৰ সঞ্চাৰ। অবিশ্বাস্য যে জংচনটোৰ লাইট পোষ্টৰ তলত তেওঁলোকে দৈনিক অধ্যয়ন কৰে আৰু প্ৰয়োজন হ’লে তাতেই নিশা যাপন কৰে।
চাচাৰাম জংচনৰ ২৪ঘন্টাই দিন যেন পোহৰ হৈ থকা পৰিবেশেই যেন ছাত্ৰ ছাত্ৰী সকলক জীৱনৰ প্ৰতি পোহৰ মূখী কৰি তোলে এজন অভিভাৱকৰ দৰে।
চাচাৰাম জংচন জিলিকি ৰওঁক আদৰ্শ হৈ, অভিভাবক হৈ, শিক্ষাৰ জগতত এগচি চাকি হৈ।