জলবায়ু অধ্যয়নত আগবঢ়োৱা অৱদানৰ বাবে ছ্যুকুৰো মানাবে, ক্লউজ হেজেলমান আৰু জৰ্জিঅ’ পেৰিছিলৈ ২০২১ চনৰ পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয়।
বায়ুমণ্ডলত কেনেধৰণৰ কাৰ্বন-ডাই- অক্সাইডৰ মাত্ৰা বৃদ্ধি হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰভাৱ পেলাই এই সম্পৰ্কে বাখ্যা কৰিছে। ইয়াৰ ভিত্তিত নতুনকৈ উদ্ভাৱন কৰা জলবায়ু মডেলৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ অধ্যয়ন সহজ হৈ পৰিব।
মাৰ্কিন বিজ্ঞানী মানাবে প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ, জাৰ্মান বিজ্ঞানী হেজেলমান হামবাৰ্গৰ মেক্স ছেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ গৱেষক। আনহাতে জৰ্জিঅ’ পেৰিছি হৈছে ৰোমৰ ছেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী।